২০২৫ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষৰ চাৰি খন দেশৰ ভিতৰত ভাৰতবৰ্ষ হ'ব অন্যতম : প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদুত ড°




"মোৰ বিশ্বাস যে- স্বাস্থ্য সুৰক্ষা, জলবায়ু পৰিবৰ্তন আৰু মুক্ত অৰ্থনীতিৰ বিষয়ত ভাৰতে শীৰ্ষ স্থান দখল কৰি বিশ্বক নেতৃত্ব প্ৰদান কৰিব" ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা দেশৰ বিশিষ্ট কুটনীতিবিদ ড° দীপক ভোৰাই তেজপুৰত অনুষ্ঠিত হোৱা এখন বৈঠকত এই গুৰুত্বপুৰ্ন মন্তব্য কৰে । তেখেতে কয় যে ২০২৫ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষৰ চাৰি খন দেশৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম হ’ব । উল্লেখ্য যে, তেজপুৰ আগৰৱালা সমাজৰ উদ্যোগত তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত উত্তৰ অসম বণিক সন্থাৰ প্ৰেক্ষাগৃহত ভাৰত বৰ্ষৰ প্ৰেক্ষাপটত ২০২৫ চনত পৃথিৱীৰ ভৱিষ্যত শীৰ্ষক বিষয়ত এক গাম্ভীৰ্যপুৰ্ন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

নিজৰ ভাষণত প্ৰাক্তন ৰাষ্ট্ৰদূত ড° দীপক ভোৰাই কয়- ভাৰতত বৰ্তমান প্ৰতি মিনিটত ডেৰ কিলোমিটাৰ পথ নিৰ্মাণ হৈ আছে আৰু আমেৰিকাকে ধৰি দেশৰ বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ এই অৰ্থনীতি তথা সমাজ নীতি অনুকৰণ কৰিবলৈ লৈছে । ইয়াৰোপৰি সমগ্ৰ বিশ্বৰ বাবে বৰ্তমান সময়ত তিনিটা বিষয় সকলোতকৈ গুৰুত্বপুূৰ্ণ আৰু বৰ্তমান সময়ৰ পৰা ২০২৫ বৰ্ষ লৈকে এই বিষয় তিনিটাৰ বিশেষ ভূমিকা হ’ব আৰু প্ৰথমটো হ’ল স্বাস্থ্য ,দ্বিতীয়তে জলবায়ুৰ পৰিৱৰ্ত্তন আৰু তৃতীয়তে অৰ্থনীতি উদ্ধাৰ।

21 views0 comments