৫ সমষ্টিত চলিছে ভোটগণনা : মিত্ৰজোঁটৰ প্ৰত্যয়জনক অগ্ৰগতি




৩০ অক্টোবৰত সম্পন্ন উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি চলিছে ভোটগণনা। পুৱা ৮ বজাত থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাইগাওঁ আৰু তামুলপুৰ সমষ্টিৰ ভোটগণনা আৰম্ভ হৈছে। এতিয়ালৈকে তিনিটা ৰাউণ্ডৰ গণনা সমাপ্ত হৈছে। লক্ষণীয়ভাৱে কেইটা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে। আনকি ভৱানীপুৰ, গোসাঁইগাঁও সমষ্টিটো মিত্ৰজোঁট আগুৱাই আছে।


উল্লেখ্য যে ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ৩৯গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হব। ইয়াৰে কেউটা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৩টা, চিপিআয়ে এটা, এআইইউডিএফে দুটা, ইউপিপিএলে দুটা, বিপিএফে এটা, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলে তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। তদুপৰি নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু ১৮জন নিৰ্দলীয় প্ৰাৰ্থীও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।


উপ-নিৰ্বাচনত ৭৪.০৪ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰে ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হয়।


থাওৰাত ৭৭.৫৬%, গোসাইগাঁৱত ৭৭.৩৭%,

মৰিয়নীত ৭১.৭০% আৰু তামুলপুৰত ৬৭.৮৮% ভোটদান হয়।



0 views0 comments