৬.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে মিজোৰাম : কঁপিল অসম-বংগ-মেঘালয়




শুকুৰবাৰে কাহিলিপুৱাতে ভূমিকম্পৰ প্ৰবল জোকাৰণি এটাই কঁপাই তুলিলে অসম। পুৱা ৫.১৫ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। অসমৰ তুলনাত মিজোৰামত ভূমিকম্পৰ জোকাৰণি অধিক প্ৰবল আছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৬.১ পোৱা যায়।



মিজোৰামৰ থেনজোৱালক ভূ-গৰ্ভৰ ১২ কিলোমিটাৰ তলত সৃষ্টি হৈছিল ভূমিকম্পটোৰ। ইয়ে সমগ্ৰ মিজোৰাম কঁপাই তোলাৰ লগতে সীমান্ত সংলগ্ন ম্যানমাৰ, অসম, মেঘালয় আৰু পশ্চিমবংগতো কঁপনি তোলে। বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত ৰাজ্যত ক্ষয়-ক্ষতি হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।

2 views0 comments