ৰাজকন্যাৰ দৰে আইচিইউ নিমিলিল প্ৰদীপ দত্ত ৰয়ৰ : নিশাই সুস্থ বুলি ক'লে চিকিৎসকে





ৰাজকন্যা বৰুৱাৰ দৰে মিছা অসুস্থতাৰ আশ্ৰয় লৈ হাস্পতালৰ শীতাতপ কোঠাত জামিন নোপোৱালৈকে আৰামদায়ক সময় কটোৱাৰ ফন্দি পাতিছিল দেশদ্ৰোহিতাৰ গোচৰত বন্দী প্ৰদীপ দত্ত ৰয়ে। কিন্তু সেই অভিসন্ধি সাৰ্থক নহ'ল। নিশাই চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাত অলপ সময়ৰ ভিতৰতে স্বাভাৱিক হৈ উঠে ব্ৰহ্মপুত্ৰ-বৰাকৰ শত্ৰু দত্ত ৰয়।


উল্লেখ্য যে শনিবাৰে প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তাৰ পিছতে প্ৰদীপ দত্ত ৰয়ৰ আৰম্ভ হয় কেঁকনি। বুকুত প্ৰচণ্ড বিষ অনুভৱ হোৱা বুলি কোৱাত নিশা ২ বজাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। হাস্পতালত কিছু সময়ৰ চিকিৎসাৰ অন্তত তেওঁ স্বাভাৱিক হৈ পৰে। লগে লগে বুজাই বুজি পায় যে নাটকখন ৰাজকন্যা বৰুৱাৰ অনুকৰণত ৰচা। পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।






উল্লেখ্য যে ২৭ নৱেম্বৰৰ সন্ধিয়া দেশদ্ৰোহৰ অভিযোগত শিলচৰ আৰক্ষীয়ে আটক কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিন প্ৰদীপ দত্ত ৰয়ক।

15 views0 comments