ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা : প্ৰথমবাৰৰ বাবে ভাৰতত পুনঃস্থাপন পৰ্যায়তকৈ কমিছে প্ৰজনন মাত্ৰা





যোৱা ২৪ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০১৯-২১-ৰ ফলাফল ঘোষণা কৰে । এই সমীক্ষাই ভাৰত আৰু ইয়াৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ জনসংখ্যা, স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত তথ্য যোগান ধৰে । সদ্য প্ৰকাশিত সমীক্ষাটো হৈছে এনে সমীক্ষাৰ ভিতৰত এতিয়ালৈকে হোৱা পঞ্চমটো সমীক্ষা । কিছু মুখ্য সূচকৰ বাবে, এইবাৰৰ সমীক্ষাই জিলা পৰ্যায়ৰ অনুমানকো উল্লেখ কৰিছে । সমীক্ষাৰ পৰা গম পোৱা গৈছে যে মুঠ প্ৰজনন হাৰ ২০১৫-১৬-ৰ ২.২-ৰ পৰা কমি গৈ ২ হৈছে যি প্ৰজননৰ পুনঃস্থাপন হাৰতকৈও কম । উল্লেখ্য যে ভাৰতত প্ৰজননৰ ৰিপ্লেচমেণ্ট হাৰ হৈছে ২.১ । ৰিপ্লেচমেণ্ট হাৰ হৈছে প্ৰজননৰ সেই পৰ্যায় যত এটা জনসংখ্যাই এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ নিজকে পুনঃস্থাপিত কৰে । এই হাৰৰ পৰা তলৰ ফালে গলে জনসংখ্যাই নিজকে অৱনমিত কৰিবলৈ আৰম্ভ কৰে বুলি কব পাৰি । লক্ষণীয়ভাৱে গাঁও অঞ্চলৰ তুলনাত নগৰ অঞ্চলত এই প্ৰজনন মাত্ৰা আৰু অধিক মাত্ৰাত কমিছে । সমীক্ষামতে গাঁও অঞ্চলত এই মাত্ৰা ২ হোৱাৰ বিপৰীতে নগৰ অঞ্চলত এই মাত্ৰা হৈছে ১.৬ । শেহতীয়া ৫ টা বছৰত পৰিয়াল পৰিকল্পনা প্ৰণালীসমূহৰ ব্যৱহাৰ ৫৩.৫ শতাংশৰ পৰা বাঢ়ি গৈ ৬৬.৭ শতাংশ হৈছেগৈ । এইক্ষেত্ৰত বাল্য বিবাহ হ্ৰাসকৰণৰ প্ৰভাৱকো নুই কৰিব নোৱাৰি । সম্প্ৰতি মহিলাৰ বাবে বিবাহৰ নিম্নতম বয়স ১৮-ৰ পৰা ২১ বছৰ কৰিব বুলি চৰকাৰে বিচাৰ-বিবেচনা কৰি আছে ।

6 views0 comments