ৰাহুল গান্ধীৰ কল্পনা বিলাস- প্ৰধানমন্ত্ৰী হ'লে মই সৰ্বপ্ৰথমে কৰিম হৈছে...




কোনো অলৌকিক কাণ্ড অবিহনে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো সম্ভাৱনা নাথাকিলেও কল্পনাৰ জগতখনত মাজে মাজে প্ৰধানমন্ত্ৰী হৈ ঘূৰে গান্ধী-নেহৰু পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী হ'লে কি কৰিব, সুযোগ ওলালে সেই কথাও তপৰাই কৈ দিয়ে ছোনিয়া তনয়ে। ৰাহুল গান্ধীৰ এই কল্পনা বিলাস শেহতীয়াকৈ তামিলনাডুত উন্মোচিত হৈছে।



দীপাৱলীৰ সময়ত শনিবাৰে ৰাহুল গান্ধীয়ে তামিলনাডুৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীৰে নৈশভোজ ভাগ লৈছিল। তাৰে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হয়। নৈশভোজত এজনে ৰাহুল গান্ধীক প্রশ্ন কৰে, প্রধানমন্ত্রী হ'লে সৰ্বপ্রথম আপনি কি কৰিব? লগে লগে ৰাহুলৰ উত্তৰ- “মই মহিলাৰ বাবে সংৰক্ষণৰ নির্দেশ দিম।”




লক্ষণীয় কথাটো হ'ল নৈশভোজৰ অনুষ্ঠানত নিজৰ সন্তানৰ প্রসংগও ৰাহুল গান্ধীৰ মুখত ওলায়। অৱশ্যে কিন্তু তেওঁ এতিয়াও অবিবাহিত। নিজৰ সন্তানক কি শিক্ষা দিবলৈ বিচাৰে, সেইটো জনায় ৰাহুল গান্ধীয়ে। তেওঁ কয়, “যদি কোনোৱে মোক প্ৰশ্ন কৰে যে আপুনি নিজ সন্তানক কি শিক্ষা দিব? মই ক'ম মানৱীয়তা। কাৰণ মানৱীয়তাই মানুহক পাৰিপার্শ্বিক পৰিস্থিতি বুজাত সহায় কৰে।”

15 views0 comments