কৰোনা আপডেট : ভাৰতত ১.৪১ লাখ, অসমত ১,১৬৭ পজিটিভ : অসমত আজিৰ পৰা নতুন SOP বলৱৎ











অমাইক্ৰনৰ আবিৰ্ভাৱৰ লগে লগে কৰোনাৰ তৃতীয় লহৰৰ গ্ৰাসত পৰা ভাৰতত দৈনিক কৰোনা পজিটিভৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি আছে। অসমতো মহামাৰীৰ সংক্ৰমণে এহেজাৰৰ সংখ্যা অতিক্ৰম কৰিলে। ঊৰ্ধ্বমুখী যাত্ৰাৰ কোনটো বিন্দুত শেষ হয়, সেয়া সময়েহে ক'ব। কিন্তু এইবাৰ দৈনিকৰ সংক্ৰমণে ৭-৮ লাখৰ কাষ চাপিব পাৰে বুলি অনুমান কৰা হৈছে। ইফালে, কৰোনা সংক্ৰমণৰ হাৰ আৰু সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰ অৰ্থাৎ আজিৰে পৰা অসমত বলৱৎ হৈছে কৰোনাৰ ৱতুন এছ অ' পি।


নতুন এছ অ' পি অনুসৰি আজিৰ পৰা অসমত পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ। গুৱাহাটী মহানগৰীত বন্ধ থাকিব অষ্টম শ্ৰেণীলৈকে। শিক্ষকসকলে অনলাইন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব লাগিব। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে চলিব সান্ধ্য আইন। মাস্ক পিন্ধাটো বাধ্যতামূলক। মাস্ক নিপিন্ধিলে চৰকাৰে জৰিমনা। বিয়া আদি অনুষ্ঠানত ২০০ মানুহ আহিব পাৰিব। বিয়লি কোনো ধৰণৰ চুলাইৰ ভাটি খুলিব নোৱাৰিব।

নৈশ বাছ চলি থাকিব। কেৱল দুপালি ভেকচিন লোৱা মানুহহে উঠিব পাৰিব। কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব।

আন্তঃ জিলা যাতায়াত অব্যাহত থাকিব।


উল্লেখ্য যে শুকুৰবাৰে অসমত কৰোনা পজিটিভৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে, শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ১১৬৭গৰাকী লোক। মহানগৰীৰ জিলাত আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক



ইফালে, কঠোৰ বিধিনিষেধ, টিকাকৰণত জোৰ দিও দেশত নিয়ন্ত্ৰণলৈ আনিব পৰা কৰোনাৰ সংক্ৰমণক। নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই ইয়াৰ ঊৰ্ধ্বমুখী যাত্ৰা। বিগত ২৪ ঘণ্টাত দেশজুৰি একেজাঁপে ২১.৩ শতাংশ সংক্রমণ বৃদ্ধি পায়।শনিবাৰে স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রালয়ে (Ministry of Health and Family Welfare) সদৰী কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১ লাখ ৪১ হাজাৰ ৯৮৬জন। ইয়াৰ জেৰ ধৰি বর্তমান দেশখনত মুঠ সংক্রমিত লোকৰ সংখ্যা বাঢ়ি ৩ কোটি ৫৩ লাখ ৬৮ হাজাৰ ৩৭২জন। পটিজিভিটী হাৰ ৯.২৮ শতাংশ। ইয়াৰ ভিতৰত সৰ্বাধিক উদ্বেগ সৃষ্টি কৰিছে পাঁচখন ৰাজ্যই। মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাই ৪০ হাজাৰৰ সীমা পাৰ কৰে। তালিকাখনত দ্বিতীয় স্থানত থকা পশ্চিমবংগত ১৮,২১৩জন আক্রান্ত হৈছে। ৰাজধানী দিল্লীত ১৭,৩৩৫জন, তামিলনাড়ু আৰু কর্ণাটকত ক্রমে ৮,৯৮১ আৰু ৮৪৪৯ পজিটিভ হৈছে।

আনহাতে, ভাৰতবৰ্ষত অমাইক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ৩০৭১জন । ইয়াৰে সুস্থ হয়ৈ উঠিছে ১,২০৩জন।


ইফালে বিগত ২৪ ঘণ্টাত ভাৰতত ২৮৫জন কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, বর্তমানে দেশত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪ লাখ ৭২ হাজাৰ ১৬৯জন। বিগত ২৪ ঘণ্টাত দেশখনত কৰোনামুক্ত হৈছে ৪০ হাজাৰ ৮৯৫জন।

7 views0 comments