অটোত ট্ৰাকৰ খুন্দা : কৰিমগঞ্জত ষঠ্ পূজাৰ পৰা ওভতা ১০ ভক্তৰ মৃত্যু




কৰিমগঞ্জৰ বৈঠাখালত বৃহস্পতিবাৰে পুৱা সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত ষঠ্ পূজাৰ পৰা উভতি অহা এটা ভক্তৰ দলৰ দহজনৰ প্ৰাণহানি ঘটে। ঘটনাটোত এজন আহত হৈছে। দলটো ষঠ্ পূজা উপলক্ষে উদিত সূৰ্যক আৰাধনা কৰি এখন অটোৰে ঘৰলৈ উভতিছিল। অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথএৰে আহি থকা অৱস্থাত এখন চিমেণ্ট কঢ়িয়াই অনা ট্ৰাকে সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়ায়। ঘটনাত ১০জনৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ নম্বৰ AS10A C5782 আৰু ট্ৰাকৰ নম্বৰ NL 01Q 0088 ।

ঘটনাটোৰ প্ৰতিবাদত স্থানীয় ৰাইজে অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথছোৱা অৱৰোধ কৰি ৰাখিছে। প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰী সৈমান কৰিবলৈ যত্ন কৰিছে। লগতে

মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী।

1 view0 comments