কন্যাক বেশ্যা বৃত্তিত নমোৱা জন্মদাত্ৰী ১০ বছৰৰ কাৰাদণ্ড আদালতৰ





আইৰ সমান হ'ব কোন বুলি অসমীয়া সমাজত জননী, জন্মদাত্ৰী মাতৃক সৰ্বোচ্চ স্থান দিয়া হৈছে। ত্যাগ আৰু মমতাৰ দেৱীৰূপে আইগৰাকী পূজিত। কিন্তু আইগৰাকীয়েই যদি সন্তানক বিপথে ঠেলি দিয়ে? আইৰ নামত কলংক তেনে এগৰাকী মহিলাক আদালতে ১০ বছৰৰ কাৰাদণ্ড বিহিছে। অৱশ্যে মহিলাগৰাকী অসমৰ বা অসমীয়া নহয়। তেওঁক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শাস্তি বিহিছে।


তামিলনাডুৰ মহিলাগৰাকীয়ে নিজ ১৪ বছৰীয়া কন্যাক বলপূৰ্বক দেহ ব্যৱসায়ত নমাইছিল। মাতৃৰ লগতে ঘটনাটোত আন ৫জনো দোষী সাব্যস্ত হৈছে। তেওঁলোককো পস্কো POSCO আইনৰ অধীনত শাস্তিৰ ৰায় দিয়ে ন্যায়ালয়ে।


উল্লেখ্য যে ২০১৭ চনতো এগৰাকী মাতৃৰ নিজৰ নাবালিকা কন্যাক বেশ্যা বৃত্তিত নিয়োজিত কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ড হৈছিল। গোৱা শিশু ন্যায়ালয়ে শাস্তি প্ৰদান কৰিছিল মাতৃগৰাকীক।

4 views0 comments