ছমাহত ১৩ হাজাৰক অসম আৰক্ষীত চাকৰি, এসপ্তাহত ৬০০০ পদৰ বিজ্ঞাপন



নিবনুৱা যুৱক-যুৱতীৰ বাবে এটা সুখবৰ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে ছমাহ অৰ্থাৎ সমাগত বৰ্ষটোৰ মে'ৰ ভিতৰত অসম আৰক্ষীত ১৩ হাজাৰজনক নিযুক্তি দিব। সেয়াও ১০ মে'ৰ ভিতৰত। অৰ্থাৎ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত। তদুপৰি ছহেজাৰটা পদৰ বাবে এসপ্তাহৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰিৰ অংশ হিচাপে এই নিযুক্তি প্ৰদান কৰা হ'ব।



ইফালে, ছহেজাৰ পদৰ বাবে এসপ্তাহত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনৰ জৰিয়তে নতুনকৈ গঠন হ'বলগীয়া ৫টা কমাণ্ডো বেটেলিয়ন পদ, খালী হৈ থকা উপ–পৰিদর্শক পর্যায়ৰ পদ পূৰণৰ ব্যৱস্থা কৰা হ'ব।


উল্লেখ্য যে ৰাজ্য চৰকাৰে এক লাখ চাকৰিৰ নিযুক্তি প্রক্রিয়াৰ অংশ হিচাপে অসম আৰক্ষীক খালী হৈ থকা ১৬ হাজাৰ পদ পূৰণৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছিল৷ কিন্তু আৰক্ষীয়ে এবছৰৰ ভিতৰত ১৩ হাজাৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিব পাৰিব বুলি জনা গৈছে।

5 views0 comments