১০ দিনত ১৬ পজিটিভ : কণ্টেইনমেণ্ট জ’ন ঘোষিত নগাঁৱৰ ৰাজ্যিক নাৰী-শিশুগৃহ




নগাঁৱস্থিত ৰাজ্যিক নাৰী আৰু শিশুগৃহটো ১৪ দিনৰ বাবে কণ্টেইনমেন্ট জ'ন ঘোষিত হৈছে। জিলাখনৰ উপায়ুক্তই এই নিৰ্দেশ দিছে। তাত মাত্ৰ ১০দিনতে ১৬গৰাকী লোক ক' ভিড পজিটিভ হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত নাৰী আৰু শিশুগৃহটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হয়।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰৰ ভিতৰতে নাৰী গৃহৰ ১৬গৰাকী মহিলা আৰু যুৱতী ক'ভিডত আক্ৰান্ত হয়। আক্ৰান্তসকলক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ত ভৰ্তি কৰা হয়। ইয়াৰে ৪গৰাকীক আৰোগ্য লাভ কৰা হেতু চিকিৎসালয়ৰ পৰা পুনৰ নাৰীগৃহলৈ উভতাই পঠোৱা হয়।

ইফালে সুখৰ কথা যে শিশুগৃহৰ এটিও শিশু ক'ভিডত আক্ৰান্ত হোৱা নাই। পাৰ্শ্বৱৰ্তী অঞ্চললৈ ক'ভিডৰ সংক্ৰমণ ঘটাৰ আশংকাত জিলা প্ৰশাসনে নাৰী আৰু শিশুগৃহক ১৪দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।

4 views0 comments