উৰুকাত ২.৭৫ কোটি টকাৰ সুৰা কিনিলে মহানগৰবাসীয়ে, অসমত ৫ কোটিৰ বিক্ৰী



গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাত চাৰি কোটি টকামানৰ গ্ৰন্থ বিক্ৰী হৈছে। ইয়াৰ বাবে সময় লাগিছিল ১২ দিন। কিন্তু উৰুকাৰ দিনা মহানগৰীত সুৰা বিক্ৰী হ'ল ২.৭৫ কোটি টকাৰ। দিনটোত অসমত প্ৰায় ৫ কোটি টকাৰ সুৰা বিক্ৰী হয়।


ইয়ে প্ৰতিপন্ন কৰে যে গুৱাহাটীৰ উচ্চ শিক্ষিত, সমাজ সচেতন, নৱচিন্তাৰ ধ্বজাবাহী লোকেৰে সমৃদ্ধ গুৱাহাটীত গ্ৰন্থৰ তুলনাত সুৰাৰ কদৰ বাঢ়িছে। আমি যদি ৩১ ডিচেম্বৰত সুৰা বিক্ৰীৰ তথ্যলৈ ছবিখন আৰু প্ৰাঞ্জল হৈ পৰিব। দিনটোত চানমাৰিত গ্ৰন্থমেলা চলি আছিল। সন্দেহ নাই, দিৱটোত গ্ৰন্থমেলাৰ বাকৰিত কিছু ভিৰ হৈছিল। কিন্তু সুৰা? নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰত মহানগৰীত প্ৰায় ৬ কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল। বিষয়টো চিন্তনীয় হয় নে নহয়, সেইটো বিবেচনাৰ দায়িত্ব পাঠকলৈ এৰিলোঁ।

8 views0 comments