খোলা নহয় তাজমহলৰ ২২ বন্ধ কোঠাৰ দুৱাৰ




খোলা নহয় তাজমহলৰ ২২টা কোঠাৰ বন্ধ দুৱাৰ। এই সন্দৰ্ভত দাখিল হোৱা আবেদন এখন নাকচ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে স্পষ্টকৈ জনাই দিয়ে এই কথা। ইয়াৰ বিপৰীতে আদালতে আবেদনকাৰীক একপ্ৰকাৰ ককৰ্থনাহে কৰে।


উল্লেখ্য যে তাজমহলৰ ভিতৰ মহলত থকা ২২টা কোঠাৰ বন্ধ দুৱাৰ খুলিবলৈ বিজেপি নেতা এজনে আদালতখনত আবেদন জনাইছিল। বিচাৰপীঠখনে সেই আবেদন পোনচাটেই নাকচ কৰে। এই সন্দৰ্ভত দৃঢ় স্থিতি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে বৃহস্পতিবাৰে আবেদনকাৰীক কঠোৰ সমালোচনা কৰে আৰু আবেদন দাখিল কৰাৰ আগতে স্মাৰকটো কোনে নিৰ্মাণ কৰিছিল, সেই বিষয়ে গৱেষণা কৰিবলৈ কয়। ন্যায়াধীশ ডি কে উপাধ্যায় আৰু সুভাষ বিদ্যাৰ্থীৰ বিচাৰপীঠে তাজমহলৰ ভিতৰত ২২টা বন্ধ কোঠা খোলাৰ বাবে এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।



ইফালে, বিজেপি সাংসদ দিয়া কুমাৰীৰ দাবী, আজি যি স্থানত তাজমহল থিয় হৈ আছে, সেয়া আচলতে জয়পুৰৰ ৰজাৰ সম্পত্তি আছিল।এলাহাবাদ হাইকোর্টত যি আবেদন দিয়া হৈছে, তাতো সন্মতি দিছে দিয়া কুমাৰীয়ে। তেওঁ কয়, ‘তাজমহল হোৱাৰ পূৰ্বে তাত কি আছিল, সেই সন্দৰ্ভত তদন্ত হোৱা প্ৰয়োজন। মানুহৰ অধিকাৰ আছে সেয়া জনাৰ। জয়পুৰৰ ৰাজপৰিয়ালৰ ওচৰত সেই সংক্রা‌ন্তীয় তথ্য আছে। প্ৰয়োজনত সেয়াও দিয়া হ’ব।’

5 views0 comments