অসমৰ এখন বিদ্যালয়ৰ ৪০ শিক্ষাৰ্থীৰ ২২জনেই কৰোনা পজিটিভ, কিন্তু ক'ত!





অসমৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ অফলাইন অৰ্থাৎ বিদ্যালয়ৰ শ্ৰেণীকোঠা বহি পাঠগ্ৰহণ এতিয়ালৈকে সুখকৰ আৰু সম্পূৰ্ণ সুৰক্ষিত হোৱা নাই। কৰোনাৰ সংক্ৰমণৰ বাবে কেইবাখনো বিদ্যালয় সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছে। তালিকাখনৰ শেহতীয়া সংযোজন হ'ল- শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিৰ দিকচু উচ্চমাধ্যমিক বিদ্যালয়। বিদ্যালয়খনত কালি ২গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল ক’ভিডৰ তাৰ পিছত শুকুৰবাৰে অৰ্থাৎ আজি বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ৯২গৰাকী শিক্ষাৰ্থীৰ কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। জানিব পৰা মতে, তাৰে ৪০জন ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাতে ২২গৰাকী পজিটিভ ওলাইছে। সম্পূৰ্ণ ফলাফল এতিয়াও বাকী।

ইফালে, কাইলৈ বিদ্যালয়ত ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা পিছুৱাই দিয়াটো নিশ্চিত হৈছে। নামতিৰ আন কেইবাখন বিদ্যালয়তো ছাত্র-ছাত্ৰী ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা আছে।

7 views0 comments