৩২বাৰ স্পাইক প্র'টিন সলনি : কৰোনাৰ নৱ ভয়ংকৰ ৰূপক লৈ ৰাজ্যক সতৰ্ক কেন্দ্ৰৰ




দক্ষিণ আফ্রিকাত চিহ্নিত কৰোনা ভাইৰাছৰ নতুন ৰূপক লৈ ৰাজ্য চৰকাৰসমূহক সতর্ক কৰি দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়। বিষয়টোত স্বাস্থ্য মন্ত্রালয়ৰ সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰলৈ এখন চিঠি প্ৰেৰণ কৰিছে। পত্ৰত কৰোনাৰ নতুন ৰূপটোক জিনৰ চৰিত্র সলনিৰ ‘অতি বিৰল সমাৱেশ’ বুলি উল্লেখ কৰা হৈছে।


কেন্দ্রৰ পত্ৰখনত কোৱা হৈছে, ‘কৰোনাৰ নতুন ৰূপটোত বহুবাৰ জিনৰ বিন্যাস সলনি হৈছে। উল্লেখ্য যে আন্তর্জাতিক যাত্রা, ভিছাৰ কঠোৰতা আদি এতিয়া যথেষ্টখিনি শিথিল কৰা হৈছে। এই পৰিস্থিতিত কৰোনাৰ নতুন ৰূপে জনস্বাস্থ্যৰ বাবে সংকটৰ সৃষ্টি কৰিব পাৰে।


প্ৰসংগক্ৰমে উল্লেখ্য যে প্রথমে বৎছোৱানাত আৰু পৰৱৰ্তীকালত দক্ষিণ আফ্রিকা, হংকঙত কৰোনাৰ ‘অধিক ভয়ংকৰ’ ৰূপটোৰ সন্ধান পোৱা গৈছে। ভাইৰোলজীৰ পৰিভাষাত ইয়াৰ নাম বি.১.১৫২৯। কমেও ৩২ বাৰ স্পাইক প্র'টিন সলনি কৰি কৰোনাৰ নতুন অৱতাৰটোৰ জন্ম হৈছে বুলি জনাইছে বিশেষজ্ঞই।


কৰোনাৰ নতুন ৰূপটোৰ সন্ধান লাভ কৰা দেশসমূহৰ পৰা অহা লোকৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰই পত্ৰখনত জনাইছে। পত্ৰত লিখা হৈছে, ‘বিপজ্জনক দেশৰ পৰা ভাৰতলৈ অহা ব্যক্তিৰ কঠোৰভাৱে স্ক্রিনিং আৰু পৰীক্ষা কৰিব লাগিব। লগতে সেই ব্যক্তিৰ সংস্পর্শলৈ অহাসকলেৰ ওপৰতো নজৰ ৰাখিব লাগিব।'

5 views0 comments