ছেমি অট'মেটিক ৰাইফল লৈ আমেৰিকাৰ স্কুলত শিক্ষাৰ্থীৰ গুলীচালনা : ৩জন নিহত, আহত অনেক




বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত পুনৰ ৰক্তাক্ত হৈ পৰিল আমেৰিকা। মঙলবাৰে মিছিগানৰ এখন বিদ্যালয়ত এজন শিক্ষাৰ্থীয়ে অতৰ্কিতে গুলীচালনা কৰাত তিনিজন নিহত হয়। ঘটনাটোত গুলীবিদ্ধ হৈ কেইবাজনো আহত হয়।


সংবাদ সংস্থা ৰয়টাৰৰ খবৰ অনুসৰি, ডেট্রয়েটৰ উত্তৰে অৱস্থিত অক্সফোর্ড তহৰৰ ‘অক্সফোর্ড হাইস্কুল’ত ঘটনাটো সংঘটিত হৈছে। সহপাঠীৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰে এজন ১৫ বছৰীয়া শিক্ষাৰ্থীয়ে। গুলীত তিনিজন নিহত হয়। আহত হয় এজন শিক্ষকসহ অনেক শিক্ষাৰ্থী। আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।



ইফালে, আক্ৰমণৰ পাছত শিক্ষাৰ্থীজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ছাত্ৰজনৰ পৰা আৰক্ষীয়ে এটা ছেমি অট'মেটিক বন্দুক জব্দ কৰে। অৱশ্যে আক্ৰমণৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়ে ছাত্ৰজনক জেৰা কৰি আছে।


ঘটনাটোত মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনে শোক প্ৰকাশ কৰিছে। তেওঁ কয়- “এই ঘটনাত ভুক্তভোগী পৰিয়ালৰ প্রতি মোৰ সমবেদনা থাকিল। তেওঁলোক প্রিয়জনক হেৰুওৱাৰ অকল্পনীয় বেদনাত আছে।”


উল্লেখ্য যে আমেৰিকাত গুলীচালনাৰ ঘটনা ক্রমেশঃ বৃদ্ধি পাইছে। অস্ত্র আইন বলৱতক লৈ চলি থকা বিতর্কৰ মাজক এটাৰ পাছত এটাকৈ আক্ৰমণৰ ঘটনাই নাগৰিকৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

8 views0 comments