গুৱাহাটীত তিনি নিশাত ৪০ সুৰামত্ত চালক আটক, ৩ মাহলৈ নিলম্বন ড্ৰাইভিং লাইচেঞ্চ




৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী অৰ্থাৎ বছৰটোৰ অন্তিম আৰু নৱবৰ্ষৰ পহিলা দিনটোত যাতে অসমত এজনো লোকৰ দুৰ্ঘটনাত মৃত্যু নহয়, সেইটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যজুৰি সুৰাপায়ী চালক, হিলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে।

পৰিবহণ বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি, যোৱানিশাকে ধৰি বিগত ৭২ ঘণ্টাত কেৱল গুৱাহাটী মহানগৰীত নিশা ৰাজপথে ৰাজপথে অভিযান চলাই ৪০জন সুৰামত্ত চালকক আচক কৰিছে। অধিক মাত্ৰাত সুৰাপান কৰি নিচাসক্ত হৈ বাহন চলোৱা ৪০জন চালকক ব্রেথ এনলাইজাৰৰ সহায়ত ধৰা পেলাই আটক কৰে। সুৰামত্ত চালকসকলক নিশাই স্থানীয় আৰক্ষী থানাত গতাই দিয়া হয় । অভিযানৰ নেতৃত্ব দিয়া জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, সদ্যহতে চালকসকলৰ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ বাবে নিলম্বন কৰা হৈছে । তেনেদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আইন অমান্যকাৰী চালকৰ বিৰুদ্ধে অহা ৩১ ডিচেম্বৰলৈ দিনে-নিশাই ধাৰাবাহিকভাবে অভিযান চলি থাকিব।

6 views0 comments