৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি বঁটা




আপোচবিহীন কৰ্মদক্ষতাৰে আৰক্ষী অধীক্ষক হিচাপে দৰঙত কৰ্মৰত সুশান্ত বিশ্ব শৰ্মাসহ ৪ গৰাকী ব্যক্তিলৈ এইবাৰ আগবঢ়োৱা হ'ব শূণ্য সহনশীল বঁটা । অহা ৯ ডিচেম্বৰ তাৰিখে গুৱাহাটীস্থিত জিলা পুথিভঁৰালত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হব । বৰবিহ ড্ৰাগছ তথা অন্যান্য মাৰাত্মক মাদক দ্ৰব্যৰ বিৰুদ্ধে শৰ্মাই গ্ৰহণ কৰা শূণ্য সহনশীল নীতিৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে । শৰ্মাৰ উপৰিও দৰঙৰ জিলা বসন্তদেৱ গোস্বামীক এই বঁটা প্ৰদান কৰা হ'ব । দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি অহা গোস্বামী 'প্ৰতীক্ষা' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিস্থাপক সভাপতি । শৰ্মা আৰু গোস্বামীৰ লগতে চিপাঝাৰৰ দুই সাংবাদিক ক্ৰমে জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ শইকীয়া আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ঋষিপদ চহৰীয়াইও লাভ কৰিব শূণ্য সহনশীল বঁটা ।

13 views0 comments