৪ চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ আঢ়ৈ লাখ বিঘা ভূমি : এয়াই নেকি সীমা বিবাদ




চাৰি চুবুৰীয়া ৰাজ্য মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মেঘালয়ে অসমৰ মুঠ ২,৪৮,৪৩০.৩৬ বিঘা চৰকাৰী–বনভূমি বেদখল কৰি আছে। এই তথ্য অসম চৰকাৰৰ। বিধানসভাৰ চলিত শীতকালীন অধিৱেশনত মন্ত্রী যোগেন মহনে দিয়া তথ্য অনুসৰি, মিজোৰামে ১৮,২৪২.৩৩ বিঘা বনভূমি বেদখল কৰি আছে৷ অৰুণাচল প্রদেশে বেদখল কৰি থকা ভূমিৰ পৰিমাণ হ’ল ৮১,৬৮৮.১৭ বিঘা ২ কঠা ১৬ লেচা৷ ইয়াৰে ৬৬,৫৬৫.১৭ বিঘা ৩ কঠা ৮ লেচা বনভূমি হোৱাৰ বিপৰীতে ১৫,১১৯ বিঘা ৪ কঠা ১৮ লেচা হ’ল ৰাজহ ভূমি৷ আনহাতে, নাগালেণ্ডে ১,৪৩,৬৪৯ বিঘা ১ কঠা ১৩ লেচা ভূমি বেদখল কৰি আছে। মেঘালয়ৰ দখলত আছে মুঠ ৪,৮৫০.৮৬ বিঘা ১৮ লেচা ভূমি। ইয়ে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে অসমৰ স্বাভাৱিক সম্পৰ্কত হেঙাৰৰ সৃষ্টি কৰি আহিছে। বেদখলীকৃত ভূমিখিনি চাৰিখন ৰাজ্যই নিজৰ বুলি দাবী কৰাৰ লগতে বুজন পৰিমাণৰ অসমে নিজৰ কৰি ৰাখিছে বুলি অভিযোগ কৰি আহিছে। ইয়াকে লৈ ৰাজ্যকেইখনৰ সৈতে সময়ে সময়ে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়। শেহতীয়াকৈ মিজোৰামৰ সৈতে সীমা বিবাদে চূড়ান্ত পৰ্যায় লাভ কৰিছিল। ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদৰ সমাধান কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াত কেন্দ্ৰী. গৃহমন্ত্ৰী অমিত শ্বাহে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। তেওঁৰ উদ্যোগতে অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী পৰ্যায়ত সীমা বিবাদক লৈ নতুন দিল্লীত বৈঠক অনুষ্ঠিত হৈছে। অসম আৰু মেঘালয়ৰ সীমা বিবাদ সমাধানে ইতিমধ্যে এটা স্তৰ অতিক্ৰম কৰিছে। বাকী ৰাজ্যকেইখনৰ সৈতেও পৰৱৰ্তী পৰ্যায়ত বৈঠকে নতুন মাত্ৰ লাভ কৰাৰ আশা কঢ়িয়াই আনিছে। এই বিবাদৰ কাৰণ কি?


অসম আৰু অৰুণাচলৰ সীমাবিবাদ


দুয়োখন ৰাজ্যৰ মাজত সীমাৰ দৈৰ্ঘ্য ৮০৪ কিলোমিটাৰI ৰাজ্যখন গঠনৰ সময়ত কোনোধৰণৰ বিবাদ হোৱা নাছিল। কিন্তু পাছলৈ দুয়োখন ৰাজ্যৰ বাসিন্দাই পৰস্পৰৰ বিৰুদ্ধে ভূমি বেদখল কৰাৰ অভিযোগ অত্থাপন কৰা আৰম্ভ কৰি দিয়ে। ইয়ে পৰৱৰ্তী সময়ত জটিল ৰূপ ধাৰণ কৰে। উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ বিচাৰ চলিয়েই আছে। অলপতে, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১২টা পথ উদ্বোধন কৰোঁতে বিলগড়ক অসমৰ অংশ হিচাপে দেখুওৱা হৈছিল।অৰুণাচল প্ৰদেশৰ কেইবাটাও সংগঠন আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰতিবাদ কৰাত অনুষ্ঠানটো আয়োজন কৰা সীমান্ত পথ সংস্থাই (বিআৰঅ') অৰুণাচলৰ পৰা ক্ষমা বিচাৰিছিল। শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ মাজত সীমাবিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত হৈছে। সমস্যাটো সমাধানৰ বাবে দুয়োগৰাকী মুখ্যমন্ত্ৰী ইতিবাচক দিশেৰে আগবাঢ়ি আছে। প্ৰেমা খাণ্ডুৱে কৈছে- “মই ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিছোঁ আৰু আমি আমাৰ সীমা সম্পৰ্কীয় সকলো সমস্যা আদালতত নোযোৱাকৈ সমাধান কৰিবলৈ সন্মত হৈছো।" অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সমিল-মিলৰ জৰিয়তে এই বিবাদৰ নিষ্পত্তি বিচাৰে।


অসম আৰু মেঘালয়ৰ সীমা বিবাদ:


অসম আৰু মেঘালয়ৰো আছে দীৰ্ঘদিনীয়া সীমা বিবাদ। মেঘালয়ে নিজৰ সীমান্ত ১৮৭২ আৰু ১৯২৯ চনৰ মানচিত্ৰ আৰু ১৮৭৮ আৰু ১৯৫১ চনৰ কিছুমান অধিসূচনাৰ ওপৰত নিৰ্ধাৰণ কৰিব খোজে। আনহাতে অসমে চুৰচান্দ সমিতিৰ পৰামৰ্শ অনুসৰিহে সীমান্ত নিৰ্ধাৰণ কৰিছে যাক মেঘালয়ে সম্পূৰ্ণ ভাৱে নাকচ কৰিছে। মেঘালয়ে অসমৰ সৈতে থকা ১২ টা অঞ্চলৰ বিবাদ নিষ্পত্তি কৰিবলৈ এটা সীমা আয়োগ গঠন কৰিছিল।এই বাৰটা অঞ্চল মূলতঃ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ, ৰি-ভয় আৰু পূব জয়ন্তীয়া পাহাৰ জিলা আৰু অসমৰ কামৰূপ, কামৰূপ (মেট্ৰ'পলিটান) আৰু কাছাৰ জিলাত অন্তৰ্ভুক্ত। বিবাদৰ জটিলতা কম থকা এলেকা সমূহৰ ভিতৰত আছেঃ হাহিম,খানাপাৰা-পিলাংকাটা, তাৰাবাৰী, বকলাপাৰা, গিজাং আৰু ৰাতাচেৰা। বিবাদৰ অধিক জটিল ক্ষেত্ৰবোৰ হৈছে লাংপি, বৰদুয়াৰ, নংৱাহ, মাতামুৰ, দেশদেমোৰাহ ব্লক ১ আৰু ব্লক ২, আৰু কান্দুলি। শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাটো সমাধানৰ বাবে প্ৰত্যয়জনক আৰু বাস্তৱসন্মত পদক্ষেপ হাতত লৈছে। প্ৰথমে তুলনামূলকভাৱে কম জটিল অঞ্চলসমূহ সমাধানৰ বাবে বাছনি কৰা হৈছে। দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰী পৰ্যায়ত সমিতি গঠন কৰা হৈছে। সমিতিয়ে প্ৰতিবেদন প্ৰস্তুত কৰিছে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ইয়াক সমাধানৰ স্তৰলৈ লৈ যাব। অতি সোনকালে ইতিবাচক খবৰ আহিব বুলি আশা কৰা হৈছে।



অসম-নগালেণ্ডৰ সীমা বিবাদ:


অসম আৰু নাগালেণ্ডৰ সীমা বিবাদ সততে চৰ্চালৈ আহে। ইয়াৰ প্ৰধান কাৰণ বিবাদটৱে সততে হিংসাৰ ৰূপ পৰিগ্ৰহ কৰে। দুয়োখন ৰাজ্যৰ সীমান্তৰ দৈৰ্ঘ্য ৫১২.১ কিলোমিটাৰ। ই অসমৰ যোৰহাট,শিৱসাগৰ, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক স্পৰ্শ কৰি আছে। প্ৰশাসনিক উদ্দেশ্যৰ বাবে সীমান্তৰ সমগ্ৰ অংশটো ছয়টা খণ্ডত বিভক্ত কৰা হৈছে- এ, বি, চি, ডি, ই আৰু এফ.। ইয়াৰ ভিতৰত আটাইতকৈ জটিল অঞ্চলটো হৈছে এ আৰু বি খণ্ডৰ গোলাঘাট অঞ্চল। অসমে দাবী কৰিছে যে নগালেণ্ডে ১,৪৩,৬৪৯ বিঘা ১ কঠা ১৩ লেচা ভূমি বেদখল কৰিছে। বেদখল কৰা এলেকাটোৰ ৮০ শতাংশতকৈও অধিক অসমৰ সংৰক্ষিত বনাঞ্চল। আনহাতে, নগালেণ্ডে কয় যে অসমৰ অধীনত থকা অধিক অঞ্চল নগালেণ্ডৰ। এনএছচিএন (আইএম)-এ অসমৰ বৃহৎ অঞ্চল এটা "বৃহত্তৰ নাগালিম"ৰ অংশ বুলি দাবী কৰি আহিছে।

১৮৬৬ চনত ব্ৰিটিছ চৰকাৰে তেতিয়াৰ অসম প্ৰদেশৰ অংশ হিচাপে নগা পাহাৰ জিলা সৃষ্টি কৰিছিল। জিলাখন ১৯৫৭ চনলৈকে অসমৰ অংশ হিচাপে আছিল। অৱশ্যে, ১৯৬৩ চনত নগালেণ্ডক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া সময়ত নগালেণ্ড ৰাজ্যিক আইনৰ অধিসূচনা অনুসৰি ইয়াৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু নগাসকলৰ বাবে সেইটো গ্ৰহণযোগ্য নাছিল। নাগালেণ্ডে অধিক অংশ দাবী কৰি আছিল যাক ঐতিহাসিকভাৱে নগালেণ্ডৰ অংশ হিচাপে বিশ্বাস কৰিছিল। ইয়ে হৈছে দুয়োখন ৰাজ্যৰ সমস্যাবোৰৰ মূল কাৰণ।

১৯৬০ চনৰ ১৬ দফা চুক্তিৰ ফলত নগালেণ্ডৰ সৃষ্টি হৈছিল, ১৮২৬ চনত ব্ৰিটিছে অসম অধিগ্ৰহণ কৰাৰ পিছত প্ৰায়ভাগ দ্বি-মত নথকা নগা অঞ্চল নগালেণ্ডত অন্তৰ্ভুক্ত কৰিছিল। অৱশ্যে, অসম চৰকাৰে এই দাবী খণ্ডন কৰে আৰু ১ ডিচেম্বৰ, ১৯৬৩ত লোৱা সিদ্ধান্ত অনুসৰিহে সাংবিধানিকভাৱে সীমা বজাই ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰে। নগালেণ্ডে পিছে এই নিৰ্ধাৰিত সাংবিধানিক সীমা গ্ৰহণ নকৰে।ফলস্বৰূপে সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ ক্ষেত্ৰত প্ৰায়ে সংঘৰ্ষ আৰম্ভ হ'বলৈ লয়।

অসম-মিজোৰামৰ সীমা বিবাদ


অসম আৰু মিজোৰামৰ সীমা বিবাদ মাজে মাজে ৰক্তাক্ত হৈ পৰে। দুয়োখন ৰাজ্যৰ মাজত আছে ১৬৫ কিলোমিটাৰ দীঘল সীমান্ত। মিজোৰামক পূৰ্ণাঙ্গ ৰাজ্য হিচাপে ঘোষণা কৰাৰ আগতে ইয়াক লুচাই পাহাৰ বুলি কোৱা হৈছিল। অসম-মিজোৰাম সীমাবাবাদৰ পাতনি ১৮৭৫ চনত হোৱা এক অধিসূচনাৰ পৰা উদ্ভৱ হয়। অধিসূচনাটোৱে লুচাই পাহাৰক কাছাৰৰ সমভূমিৰ পৰা পৃথক কৰিছিল। ১৯৩৩ চনৰ আন এটা অধিসূচনাৰ পৰা ই তীব্রতৰ ৰূপ পায়। এই অধিসূচনাই লুচাই পাহাৰ আৰু মণিপুৰৰ মাজত এটা সীমা নিৰ্ধাৰণ কৰি দিয়ে।

মিজোৰামৰ মতে, ১৮৭৫ চনৰ অধিসূচনাৰ আধাৰত সীমা নিৰ্ধাৰণ কৰা উচিত, যিটো বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেচন (বিইএফআৰ) আইন, ১৮৭৩ৰ পৰা নিৰ্ধাৰণ কৰা হৈছিল।মিজো নেতাসকলে কৈছিল যে ১৯৩৩ চনত হোৱা সীমানিৰ্ধাৰণ তেওঁলোকে কোনোপধ্যেই মানি নলয় কাৰণ উক্ত সময়ছোৱাত মিজো সমাজৰ পৰামৰ্শ লোৱা হোৱা নাছিল। অসম চৰকাৰে ১৯৩৩ চনৰ সীমানিৰ্ধাৰণ অনুসৰণ কৰে আৰু সেইটোৱেই সংঘাত সৃষ্টিৰ মূল কাৰণ।

শেহতীয়া সীমা বিবাদ:

১৯৭২ চনত মিজোৰাম কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তাৰ পিছত ১৯৮০ৰ দশকত এখন ৰাজ্য হোৱাৰ পিছৰে পৰা এই বিবাদ তীব্ৰতৰ হৈ উঠিছে। দুয়োখন ৰাজ্যই এক চুক্তি স্বাক্ষৰ কৰে যে সীমাত স্থাপন কৰা ন'-মেনছ লেণ্ডত স্থিতি বজাই ৰাখিব লাগে। যদিও কেইবা দশক ধৰি প্ৰায়ে সৰু-বৰ অপৰাধ সংঘটিত হৈ আহিছিল কিন্তু শেহতীয়াকৈ প্ৰায়ে এই সংঘৰ্ষ বৃহৎ পৰ্যায়লৈ ৰূপান্তৰিত হৈছে।মিজোৰামে অভিযোগ কৰিছে যে যোৱা বছৰ জুন মাহত, অসমৰ বিষয়াসকলে মমিত জিলাত প্ৰৱেশ কৰিছিল আৰু কিছুমান খেতি পথাৰ পৰিদৰ্শন কৰিছিল; দুৰ্বৃত্তই কোলাচিব জিলাত প্ৰৱেশ কৰি খেতিপথাৰ জ্বলাই দিছিল,অসমৰ বিষয়াসকলে বৈৰেংটে (মিজোৰাম) আৰু লাইলাপুৰ (অসম)ৰ মাজৰ আন্তঃৰাজ্যিক সীমান্ত প্ৰায়ে অতিক্ৰম কৰে। মিজোৰামে লগতে দাবী কৰে যে অসম আৰু মিজোৰাম দুয়োটা কৰ্তৃপক্ষই মিজোৰামৰ বুয়াৰচেপ গাঁৱত নিৰ্মাণ কাৰ্য হাতত লৈছে, আৰু গৃহ মন্ত্ৰালয় এই সকলো বোৰ বিষয়ৰ বিষয়ে অৱগত।

যোৱা অক্টোবৰত, অসম আৰক্ষীৰ বিষয়াসকলে মিজোৰামৰ চাইহাপুই 'ভি' পৰিদৰ্শন কৰিছিল আৰু আন্তঃৰাজ্যিক ঘাইপথ অৱৰোধ কৰাৰ ভাবুকি দিছিল। সেই মাহৰ শেষৰ ফালে, আন্তঃৰাজ্যিক ঘাইপথৰ লগতে দুয়োখন ৰাজ্যক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ লাইলাপুৰত ব্যক্তিসকলে অৱৰোধ কৰে। নৱেম্বৰত মিজোৰামৰ আপাৰ ফাইনুয়াম নিম্ন প্ৰাথমিক বিদ্যালয়ত বোমা বিস্ফোৰণ হয়। ইয়াৰে পিছতে দুয়োখন ৰাজ্যৰ মাজত এখন শান্তি বৈঠক অনুষ্ঠিত হৈছিল।

দুয়োখন ৰাজ্যই সীমা বিবাদ সমাধান কৰি সৌহাৰ্দ্যমূলক পৰিৱেশত সহাৱস্থানৰ নীতি লৈছে। অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মাজত ইয়াকে লৈ শেহতীকায়ৈ আলোচনাও হৈছে। জটিল সমস্যাটো আন্তৰিকতা, নিষ্ঠা, আগ্ৰহৰ ভেটিত সমাধান কৰিব পৰা যায়।

7 views0 comments