অমৃতসৰত সতীৰ্থৰ গুলীত নিহত ৫ বিএছএফ জোৱান




অমৃতসৰৰ খাছা গাঁৱত দেওবাৰে এটা অপ্ৰত্যাশিত তথা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। সতীৰ্থৰ গুলীত পাঁচজন বিএছএফ জোৱান নিহত হৈছে। এজন জোৱান আহত হৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ অদ্যাপি পোহৰলৈ অহা নাই। জানিব পৰা মতে, এজন জোৱানৰ সৈতে নিহত-আহত সতীৰ্থকেইজনৰ প্ৰথমে কাজিয়া হয় পিছত মাৰণাস্ত্ৰৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। ঘটনাত আক্ৰমণকাৰীজনো নিহত হয়।


প্ৰত্যক্ষদৰ্শী কেইবাজনো জোৱানৰ দাবী, দেওবাৰে পুৱা কোনো বিষয়ক লৈ সহকৰ্মীৰ সৈতে কাজিয়া আৰম্ভ হয় সত্তেপাৰৰ। সেই কাজিয়া চলি থকাৰ সময়তে হঠাৎ মাৰণাস্ত্ৰৰে গুলীচালনা কৰে জোৱানজনে।


ঘটনা সম্পৰ্কত বিএছএফৰ ফালৰ পৰা বিবৃতি জাৰি কৰি কোৱা হৈছে, ‘‘৬ মাৰ্চত খাছাত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। কনিষ্টবল সত্তেপাৰৰ গুলীত শ্বহীদ হৈছে ৫জন জোৱান। অভিযুক্ত কনিষ্টবলজনৰো মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে এজন জোৱান। ঘটনাৰ উচিত তদন্ত কৰা হ’ব।’’


ঘটনাটোৱে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সীমান্ত সুৰক্ষাত নিয়োজিত বাহিনীটোৰ অভ্যন্তৰত সংঘটিত কাণ্ডটোৰ জোকাৰণি নতুন দিল্লী পৰ্যন্ত পাইছে। ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

8 views0 comments