কাশ্মীৰত ইৰানী নাগৰিকসহ ৫ ইছলামিক সন্ত্ৰাসবাদীক সিপুৰীলৈ প্ৰেৰণ





জম্মু-কাশ্মীৰৰ কুলগাম বুধবাৰে দুটা স্থানত

নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচটা ইছলামিক সন্ত্ৰাসবাদী নিহত হয়। তাৰে এটা ইৰানৰ নাগৰিক। আন এটা নিহত দ্যা ৰেজিজটেঞ্চ ফ্ৰণ্ট চমুকৈ টি আৰ এফৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ। নিহত কামাণ্ডাৰটোক আফতাব ছিকাণ্ডৰ বুলি চিনাক্ত কৰা হয়। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ছিকাণ্ডৰে সন্ত্ৰাসবাদী দলত যোগদান কৰিছিল। আনহাতে, সংঘৰ্ষত নিহত ইৰানৰ নাগৰিকজন মুছৰাক লোন বুলি চিনাক্ত হয়। সন্ত্ৰাসবাদী দমনৰ যুঁজখনত নিৰাপত্তা বাহিনীৰ এইটো অন্যতম সাফল্য বুলি বিবেচিত হৈছে।


জানিব পৰা মতে, জম্মু-কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ আৰু ভাৰতীয় সেনা বাহিনীৰ দলে কুলগাম অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা বুলি খবৰ লাভ কৰাৰ পাছতে অভিযান চলায়। অভিযানকালত দলটোক উদ্দেশ্য কৰি লুকাই থকা সন্ত্ৰাসবাদীয়ে প্ৰথমে গুলীচলনা কৰে। পাছতে দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষ হয় আৰু সংঘৰ্ষত সন্ত্ৰাসবাদীকেইটা নিহত হয়।

3 views0 comments