দিছপুৰত ৫ নৱনিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ




সদ্যসমাপ্ত উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ পৰা জয়ী হৈ অসম বিধানসভাৰ সদস্য পদ লাভ বিধায়ক পাঁচজনক আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনাড়ম্বৰ অনুষ্ঠানটোত লক্ষণীয়ভাৱে চিপিএমৰ বিধায়কজনৰ বাহিৰে বিৰোধী এজনে বিধায়ক নাছিল।


অনুষ্ঠানটোত মৰিয়নিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী, দলটোৰ থাওৰা আৰু ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰ, মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলৰ জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীয়ে শপতগ্ৰহণ কৰে।শপতগ্ৰহণৰ অন্তত অধ্যক্ষ দৈমাৰীয়ে কেউজন বিধায়কক অভিনন্দন জনায়।

2 views0 comments