দুবছৰতে ৫ ধৰ্ষণকাৰীক শাস্তিৰ ৰায় : গোলাঘাট সত্ৰ আদালতে ইতিহাস ৰচিলে





যৌন নিৰ্যাতন, বলাৎকাৰ আদি অপৰাধমূলক ঘটনা ৰোধৰ উপায় কি? এই বিষয়ে দেশে-বিদেশে বিভিন্ন ধৰণৰ গৱেষণা-আলোচনা বছৰ বছৰ চলি আহিছে। সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হোৱা অনুচিত। ভাৰতত অপৰাধ হ্ৰাস নোপোৱাৰ কাৰণ হিচাপে justice delayedক এটা প্ৰধান কাৰণ হিচাপে ধৰা হয়। দেশখনৰ আদালতে আদালতে গোচৰ দ'ম আছে। মানৱ সম্পদৰ অভাৱত বিচাৰ প্ৰক্ৰিয়া শেষ কৰিব পৰা হোৱা নাই। ইয়াৰ সুযোগ আৰু মনস্তাত্ত্বিক সুবিধা অপৰাধীৰ সপক্ষে গৈছে। শাস্তিয়েই যেতিয়া নহয়, অপৰাধ কৰাত অসুবিধা কি!


এই বাস্তৱ তথা অবাঞ্ছিত ছবিখনৰ বিপৰীতে গোলাঘাট সত্ৰ আদালতে শেহতীয়াকৈ চাৰি যৌন নিৰ্যাতনৰ গোচৰৰ চূড়ান্ত ৰায় দি অপৰাধীক শাস্তিৰ দিহা কৰিছে। ঘটনাকেইটা দুবছৰৰ ভিতৰত সংঘটিত হোৱা। গোলাঘাট সত্ৰ আদালতৰ এম এইচ বৰভূঞা বিচাৰপীঠত কিশোৰীক যৌন নিৰ্যাতন চলোৱা চাৰিটা গোচৰৰ ৰায় দিয়া হয় আৰু পাঁচজন লোকক কাৰাদণ্ড ঘোষণা কৰে। ইয়াৰে বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰ কাৰাদণ্ড বিহাৰ লগতে পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহে। দুয়ো এগৰাকী সাত/আঠ বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ লগত জড়িত আছিল।ইয়াৰোপৰি সুখা কৰ্মকাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাৰ 995/19 গোচৰৰ বিচাৰত দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে 2000 টকা জৰিমনা বিহে। দেৰগাঁও আৰক্ষী থানাৰ 137/21 নং গোচৰৰ অভিযুক্ত আমিনুল শিকদাৰো কিশোৰীক যৌন নিৰ্যাতনৰে জড়িত প্ৰমাণিত হোৱাত আদালতে বিশ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকা জৰিমনা বিহে।গোলাঘাট আৰক্ষী থানাৰ অন্য এক গোচৰ 971/19 মৰ্মে অনিল বৰাক ছয় বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ জৰিমনা বিহে।উল্লেখ্য যে দোষী সাব্যস্ত হোৱা পাঁচজনেই কিশোৰীক যৌন নিৰ্যাতনৰ লগত জড়িত বুলি চিহ্নিত হয়।


গোলাঘাট সত্ৰ আদালতৰ এই তাৎক্ষণিক বিচাৰ প্ৰক্ৰিয়া আৰু অপৰাধীক কঠোৰ শাস্তি ঘটনাটো অসমত দ্ৰুত ন্যায় প্ৰদানত এটা মাইলৰ খুঁটি হৈ থাকিব। ইয়াক সমাজখনে উপযাপন কৰিলে অপৰাধ হ্ৰাস পোৱাতো সহায়ক হ'লহেঁতেন।

4 views0 comments