নগাঁৱত অস্ত্ৰসহ ৫ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ



শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত অভিযান চলাই পাঁচটা দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত নগাওঁ চহৰৰ হেৰাপট্টিৰ পৰা ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা হস্তনিৰ্মিত পিষ্টল আৰু ছয় জাঁই সক্ৰিয় গুলী জব্দ কৰে।


দলটোৱে নিশা ডকাইতিৰ পৰিকল্পনা কৰা বুলি খবৰ লাভ কৰি আৰক্ষীয়ে অভিযানটো চলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা হ'ল- হেৰাপট্টিৰ আইন উদ্দিন, মজিবুৰ ৰহমান, জুৰীয়াৰ সমিৰ উদ্দিন, কাতিমাৰী গ্ৰাণ্টৰ আব্দুল জলিল আৰু ভকতগাঁৱৰ আব্দুল কাদিৰ।

8 views0 comments