৬.০৮ লাখ ভাৰতীয়ৰ ত্যাগ ভাৰতীয় নাগৰিকত্ব : ৪,১৭৭ গৰাকী ব্যক্তিক প্ৰদান ভাৰতীয় নাগৰিকত্ব




২০১৭ ৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰায় ৬.০৮ লাখ ভাৰতীয়ই ত্যাগ কৰিছে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব। ভাৰত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি বৰ্তমান ১.৩৩ কোটিতকৈও অধিক ভাৰতীয়ই বাস কৰি আছে বিদেশত । ইয়াৰোপৰি প্ৰকাশ হৈছে যে যোৱা পাঁচ বছৰত ৮৭ খন দেশৰ ১০,৬৪৬ জন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। একে সময়তে ৪,১৭৭ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ভাৰতীয় নাগৰিকত্ব । ২০১৬ চনৰ পৰা তেওঁলোকৰ ৰাষ্ট্ৰীয়তা ভাৰতীয়লৈ সলনি কৰিবলৈ আবেদন দাখিল কৰা ১০,৬৪৬ জন ব্যক্তিৰ ভিতৰত, পাকিস্তান, আফগানিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলে সৰ্বাধিক আবেদন দাখিল কৰিছিল। যোৱা পাঁচ বছৰত পাকিস্তানৰ মুঠ ৭,৭৮২ জন, আফগানিস্তানৰ ৭৯৫ জন, আমেৰিকাৰ ২২৭ জন আৰু বাংলাদেশৰ ১৮৪ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল।উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সাংসদ হিবি ইডেনৰ এক প্ৰশ্নৰ উত্তৰত কৈছে যে "নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ জাননী দিয়া হৈছিল ১২/১২/২০১৯ ত আৰু কাৰ্যকৰী হৈছে ১০/০১/২০২০ ত । কাৰ্যকৰী কৰা সময়ৰে পৰা CAA ৰ অধীনত অন্তৰ্ভুক্ত ব্যক্তিসকলে CAA-ৰ অধীনত নিয়মবোৰ জাননী দিয়াৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

3 views0 comments