অসম-বংগৰ বাংলাদেশ সীমান্তত ১১ মাহত ৭,৮২০ গৰু, ৪৮,৩৯৮ য়াবা টেবলেট জব্দ




অসম আৰু পশ্চিমবংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰে পশুধনৰ চোৰাং সৰবৰাহ অব্যাহত আছে। বিএছএফে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজ্য দুখনৰ সীমান্তত ৭,৮২০টা চোৰাং গৰু জব্দ কৰে। সময়ছোৱাত ২৫,৬০০ বটল ফেন্সিডাইল, ২,৯৩৬ কিঃগ্ৰাঃ ভাং , ৪৮,৩৯৮টা য়াবা টেবলেট , ৩,৯৮,০০০ টকাৰ নকল ভাৰতীয় টকা জব্দ হয়। ইয়াৰ উপৰি বি এছ এফে সীমান্তত ১২৪জন ভাৰতীয় আৰু ১১০জন বাংলাদেশী চোৰাং ব্যৱসায়ী-সৰবৰাহকাৰীক আটক কৰে।


প্ৰসংগক্ৰমে উল্লেখ্য যে বিএছএফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবংগৰ ৫০৯ কিঃমিঃ বাংলাদেশ সীমান্তত সুৰক্ষা দিয়ে। আনহাতে, ওপৰত উল্লিখিত তথ্যখিনি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদর্শক সঞ্জয় সিং গেহলটৰ। গুৱাহাটী ফ্ৰণ্টিয়াৰৰ আজাৰা পাটগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত বি এছ এফৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এখন সংবাদ মেলত গেহলটে কয় যে বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত অসম আৰু পশ্চিমবংগৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩টা ছেক্টৰৰ অধীনত ১১টা বেটেলিয়ন নিয়োজিত হৈ আছে। তদুপৰি, ১৪২টা বৰ্ডাৰ আউটপোষ্টৰ জৰিয়তে বি এছ এফে সীমান্তত পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী ছেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাঁটাতাঁৰ বেৰ বা ফেঞ্চিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । ১১মাহত যিখিনি চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত জব্দ কৰিছে তাৰ দাম ১০.৬৭ কোটি টকাতকৈ অধিক।

1 view0 comments