কিয়েভ অভিমুখে ৰাছিয়ান সেনাৰ ৬৫ কিমি দীঘল সমদল




বেলাৰুছত ৰাছিয়া-ইউক্ৰেইনৰ আলোচনা কাৰ্যতঃ ব্যৰ্থ হ’ল। আলোচনাৰ পিছতে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি দিয়ে। ৰাছিয়ান বায়ুসেনাই কিয়েভ, খাৰকিভ, ছুমি, খেৰছনক ধৰি ইউ্ক্ৰেইনৰ কেইবাখনো চহৰক আক্ৰমণৰ লক্ষ্য হিচাপে লয়। বায়ুসেনাৰ আক্ৰমণত ছুমিত থকা ইউক্ৰেইন সেনাবাহিনীৰ ঘাটি এটা ধ্বংস কৰি দিয়ে। ইউক্ৰেইন চৰকাৰেও ঘটনাটোক স্বীকাৰ কৰি ৭০জন সেনা নিহত হোৱা বুলি দাবী কৰিছে। আনহাতে, কিছু সময়ৰ পূৰ্বে ৰাছিয়ান সেনাৰ মিছাইল আক্ৰমণত খাৰকিভৰ এটা প্ৰশাসনিক ভৱন ধ্বংসস্তূপত পৰিণত হয়।ইয়াৰ মাজতে উপগ্ৰহীয় ছবিৰ জৰিয়তে ইউক্ৰেইনৰ ৰাজপথত ৰাছিয়াৰ সেনাৰ প্ৰায় ৬৫ কিলোমিটাৰ দৈৰ্ঘৰ এটা বিশাল সমদল পোহৰলৈ আহিছে। সেনাৰ বিশাল দলটো ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ দিশে অগ্ৰসৰ হৈছে। সেনাৰ বিশাল দলটো কিয়েভৰ পৰা প্ৰা ১৮ কিলোমিটাৰ আংতৰত অৱস্থান কৰা বুলি কোৱা হৈছে। সেনাৰ দলটোত টেংক, বুলেটপ্ৰুফ বাহনকে ধৰি বিভিন্ন সামৰিক সা-সুবিধাৰে সুসজ্জিত।ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে, ৰাছিয়াই যথাসম্ভৱ শীঘ্ৰে কিয়েভ দখল কৰি যুদ্ধখনৰ দীঘলীয়া হোৱাৰ পৰা হাত সাৰিব বিচাৰিছে।

ইফালে, ইউক্ৰেইনৰ দক্ষিণাঞ্চলৰ প্ৰাণকেন্দ্ৰ খেৰছন চহৰ খেৰি পেলাইছে ৰাছিয়াৰ সৈন্যই। চহৰখনৰ ৰাছিয়াৰ দখলত থকা ক্ৰিমিয়াৰ সমীপত অৱস্থিত। চহৰখনৰ মঙলবাৰে পুৱা ৰাছিয়ান স্থলসেনাই আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে খেৰছনৰ মেয়ৰ ইগোৰ কোলিখাৱোয়েভে ফেচবুকৰ জৰিয়তে জনাইছি, ‘ৰাছিয়ান বাহিনীয়ে খেৰছনৰ প্রৱেশ পথসমূহত চেকপয়ন্ট বহুৱাইছে। খেৰছন ইউক্রেনীয়ৰ আছিল, থাকিব।’

খেৰছনৰ সাংবাদিক এলিনা ছানিনাই জাতীয় সম্প্রচাৰমাধ্যম ইউক্রেইন ২৪ক কয়, ‘চহৰখন ঘেৰি পেলোৱা হৈছে। চাৰিফালে বহু ৰাছিয়াৰ সেনা আৰু সামৰিক সৰঞ্জাম সমৱেত হৈছে। তেওঁলোকে চহৰখনৰ পৰা বাহিৰলৈ ওলোৱা সকলো পথত চেকপয়ন্ট বহুৱাইছে।’

3 views0 comments