কলিয়াবৰত মেচিনৰ সৈতে ৭ জালনোট ব্যৱসায়ীক গ্ৰেপ্তাৰ




কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষীৰ অভিযানত এটা মেচিনসহ ৭জন জালনোট সৰবৰাহকাৰী ধৰা পৰে। লগতে জব্দ হয় এখন বিলাসী গাড়ী। গাড়ীখন ব্যৱহাৰ কৰি চক্ৰটোৱে জালনোট সৰবৰাহ কৰিছিল।


চক্ৰটোৱে মেচিনটোৰে আচল টকা ছপা কৰা বুলি কৌশলেৰে দেখুৱাই গ্ৰাহকৰ হাতত নকল টকা তুলি ধন ঘটি আহিছে। গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱনাথে বৰঘূলি, হাতীবন্ধাৰ লগতে লখিমপুৰৰ পৰা নকল টকাৰ ব্যৱসায়ৰ সৈতে জড়িত কেউটাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে, আকবৰ আলী,(হাতীবন্ধা) নাছিৰউদ্দিন (৩ নম্বৰ বৰঘূলি)¸ চাহিদ আলী (হাতীবন্ধা)¸ সুৰুয আলী (হাতীবন্ধা), লখিমপুৰৰ ২ নম্বৰ ইছলামপুৰ ফৰিদুল আলম, ইজ্জত আলী, ইমদাদুল ৰহমান।

5 views0 comments