স্মাৰ্টফোনক 'বিশ্বজনীন প্ৰমাণীকৰণ' বনোৱাৰ কামত ব্যস্ত আধাৰ কৰ্তৃপক্ষ





ভাৰতৰ একক পৰিচয় কৰ্তৃপক্ষ - উইডয় (Unique Identification Authority of India- UIDAI)-ই স্মাৰ্টফোনবোৰক বাসিন্দা এজনৰ পৰিচয়ক চিনাক্ত কৰাৰ বাবে 'বিশ্বজনীন প্ৰমাণীকৰণ' হিচাপে ব্যৱহাৰ কৰাৰ বাবে কাম কৰি আছে । বৰ্তমান ফিংগাৰপ্ৰিন্ট, আইৰিছ আৰু অ'টিপিৰ মাধ্যমেৰে লোক এজনৰ পৰিচয় চিনাক্ত কৰা হয় আৰু এই চিনাক্তকৰণ প্ৰক্ৰিয়াক উন্নত কৰিবলৈ চেষ্টা চলি আছে বুলি উইডয়ৰ মুখ্য কাৰ্যনিৰ্বাহক সৌৰভ গাৰ্গে কয় । তেওঁ কয় যে বৰ্তমান ব্যৱহৃত হৈ থকা ১২০ কোটি মোবাইল সংযোগৰ ভিতৰত ৮০ কোটি মোবাইল ফোনক প্ৰমাণীকৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় । অৱশ্যে মোবাইল ফোনৰ দ্বাৰা কি ধৰণে প্ৰমাণীকৰণ প্ৰণালীক ব্যৱহাৰ কৰিব পৰা যাব সেই বিষয়ে কোনো তথ্য তেওঁ শ্বেয়াৰ কৰা নাই । তেওঁ কয় কৰ্তৃপক্ষৰ বাবে গোপনীয়তা আৰু তথ্য সুৰক্ষা অতি গুৰুত্বৰ বিষয়, আৰু আধাৰ নম্বৰ এনে এক পৰিচয় হবলৈ গৈ আছে যিটো সৰ্বত্ৰে উপলব্ধ আৰু প্ৰমাণযোগ্য হব । তেওঁ লগতে কয় যে বেংক আৰু টেলিকম উদ্যোগবোৰে তেওঁলোকৰ গ্ৰাহকক জনাৰ মাধ্যম হিচাপে আধাৰ নম্বৰক গ্ৰহণ কৰিছে আৰু মুঠ বেংক একাউন্টৰ প্ৰায় আধা অথবা ৭০ কোটিটাকৈ বেংক একাউণ্টক ইতিমধ্যে আধাৰৰ সৈতে সংযোগ কৰা হৈছে । অৱশ্যে ৩ কোটি পেঞ্চন একাউন্ট আৰু ১০ কোটি মিউচুৱেল ফাণ্ডৰ ব্যৱহাৰকাৰীসকলেও আধাৰৰ সুবিধাবোৰৰ লাভ উঠাব লাগে বুলি গাৰ্গে কয় । সম্প্ৰতি দেশত ৯৯.৫ শতাংশ জনতাক সামৰি মুঠতে ১৩০ কোটি আধাৰ কাৰ্ড আছে । বাকী থকা ০.৫ শতাংশ জনতাকো আধাৰৰ লগত জড়িত কৰোৱাৰ প্ৰয়াস চলি আছে বুলি গাৰ্গে উল্লেখ কৰে ।

2 views0 comments