ভোটাৰ পৰিচয় পত্ৰৰ সৈতে সংযোগ কৰিব লাগিব আধাৰ কাৰ্ড : সদনত বিধেয়ক গৃহীত




ভাৰতবৰ্ষত ভোটাৰৰ ফটোযুক্ত পৰিচয় পত্ৰৰ সৈতে সংযোগ হ'ব আধাৰ কাৰ্ড। ভুৱা ভোটাৰ নোহোৱা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপটোৱে সংসদত সাফল্য লাভ কৰিছে। ইয়াক লৈ শাসক পক্ষই উত্থাপন কৰা নিৰ্বাচনী সংস্কাৰ বিধেয়কখন দুয়োখন সদনত গৃহীত হয়। এতিয়া মাথোঁ আনুষ্ঠানিকতাৰ অপেক্ষা মাথোঁ। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে বিধেয়কখন আইনত পৰিণত হ'ব।


উল্লেখ্য যে বিৰোধীৰ প্রতিবাদ, সদন ত্যাগৰ মাজতেই মঙলবাৰে ৰাজ্যসভাত গৃহীত হয় নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১৷ লোকসভাত মৌখিক ভোটত বিধেয়কখন ২০২১খন গৃহীত হোৱাৰ বিপৰীতে ৰাজ্যসভাতো বিধেয়কখন গৃহীত হয়৷ অৱশ্যে বিধেয়কখন গৃহীতকৰণত বিৰোধী পক্ষই বিভিন্ন বাধাৰ সৃষ্টি কৰিছিল। কিন্তু সফল নহ'ল। দুয়ো সদনত নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১ গৃহীত হোৱাত ই আইনত পৰিণত হোৱাৰ পথ প্রশস্ত হ’ল৷ ৰাষ্ট্রপতিয়ে অনুমোদন জনোৱাৰ পাছতেই এই আইন বলৱৎ হ’ব আৰু আইনখন অনুসৰি ভোটাৰৰ ফটো পৰিচয়–পত্রৰ লগত আধাৰ কার্ড সংযোগ হ’ব৷


কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজুৱে লোকসভাত উত্থাপন কৰি নির্বাচনী সংস্কাৰ বিধেয়কখন গৃহীত কৰোৱাৰ পাছত একেটা দিনতে ৰাজ্যসভাতো মন্ত্রীগৰাকীয়ে বিধেয়কখন উত্থাপন কৰাৰ পাছতেই বিৰোধীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে।


কংগ্রেছ, টি এম চি, বাঁওপন্থী দলসমূহ, ডি এম কে আৰু এন চি পিয়ে প্রতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰাৰ পাছতেই মৌখিক ভোটযোগে বিধেয়কখন গৃহীত হোৱা বুলি ৰাজ্যসভাৰ সভাপতিয়ে ঘোষণা কৰে৷ বিৰোধী দলসমূহে নির্বাচনী সংস্কাৰ বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকীয় বিজেপি, জে ডি ইউ, ৱাই এছ আৰ চি পি, এ আই এ ডি এম কে, বিজেডি, টিএমচি–এম–এ এই বিধেয়কখনক সমর্থন জনায়৷ এই বিধেয়খন আইনত পৰিণত হ’লে দেশৰ নির্বাচনী প্রক্রিয়াত চলি থকা ভুৱা ভোটাৰ আৰু জালিয়াতি ভোটাৰৰ সামৰণি পৰিব৷


মন কৰিবলগীয়া যে লোকসভাত বিৰোধী দলে চমু বিতর্কৰ সময়ত নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১খনৰ কিছু সালসলনি ঘটোৱাৰ বাবে ষ্টেণ্ডিং কমিটীলৈ প্রেৰণৰ দাবী জনায় যদিও কেন্দ্রীয় চৰকাৰে এই দাবী অস্বীকাৰ কৰে৷ ৰাজ্যসভাত বিতর্ক নোহোৱাকৈ কেন্দ্রীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাটো গণতন্ত্রৰ প্রতি ভেঙুচালি বুলি অভিযোগ কৰিছে কংগ্রেছৰ ৰাজ্যসভাৰ দলপতি মল্লিকার্জুন খার্গেই৷ শাসকীয় বিজেপিয়ে বিধেয়কখনৰ জৰিয়তে নির্বাচনী সংস্কাৰৰ প্রসংগৰে ভুৱা ভোটাৰৰ সামৰণি পৰিব বুলি দাবী কৰাৰ বিপৰীতে কংগ্রেছসহ বিৰোধীয়ে এই বিধেয়কখনে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু গোপনীয়তাৰ অধিকাৰ ভংগ কৰিব বুলি দাবী কৰিছে৷

7 views0 comments