আধাৰ লিংক, ম'বাইল ছিম আদিৰ যাকে-তাকে গুৰুত্বপূৰ্ণ নথি দিলে আহিব বিপদ




চিনাকি যিমানেই নহওক নিৰ্ভৰযোগ্য লোক অবিহনে কাৰো হাতত ফটো, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰকে ধৰি গুৰুত্বপূৰ্ণ নথি তুলি নিদিব। ম'বাইল ফোনৰ ছিম, আধাৰ লিংক আদিৰ বাবে মানুহে বিশেষ ভবা-চিন্তা নকৰাকৈয়ে যাৰে-তাৰে হাতত গুৰুত্বপূৰ্ণ নথি তুলি দিয়ে। পৰিণতি হিতে বিপৰীত হ'ব পাৰে। আপুনি নজনাকৈয়ে আপোনাৰ নামত তেনে লোকে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বুজন পৰিমাণৰ ঋণ লৈ সংকটত পেলাব পাৰে। লাহৰীঘাটত তেনে এজন নৰাধম ধৰা পৰিছে।



লাহৰীঘাটৰ দোৱামাৰীত গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীটোৰ নাম ৰাজিবুল ইছলাম। তাৰ পৰা আৰক্ষীয়ে ৫২খন ছীম কাৰ্ড, এছ বি আই আৰু ইউ বি আইৰ ১৬খন ডেবিট কাৰ্ড আৰু দুটা ম'বাইল ফোন জব্দ কৰিছে। ধৃত ৰাজিবুলে বিভিন্নজনৰ নামত তেওঁলোকৰ অজ্ঞাতে বিভিন্ন ম'বাইল এপৰ জৰিয়তে লাখ লাখ টকা ঋণ লৈ আত্মসাৎ কৰি আহিছে। ইয়াৰ বাবে এই লেখাটোৰ আৰম্ভণিত উল্লেখ কৰাৰ দৰে বিভিন্ন লোকৰ পৰা গুৰুত্বপূৰ্ণ নথি সংগ্ৰহ কৰে। বুধবাৰে ৰাজিবুলক লাহৰীঘাট আৰক্ষী আৰু চি আই ডিৰ যুটীয়া দলে গ্ৰেপ্তাৰ কৰে।

19 views0 comments