আকৌ দুৰ্ঘটনা : মাতাল চালকৰ দৌৰাত্ম্যত মৰণফান্দ হৈ পৰিছে নিশাৰ মহানগৰী



চালকৰ অৰ্থহীন গতিৰ দৌৰাত্ম্যই মৰণফান্দসদৃশ কৰি তুলিছে নিশাৰ গুৱাহাটীৰ ৰাজপথ। প্ৰায় প্ৰতিনিশা মহানগৰীত সংঘটিত দুৰ্ঘটনা। বিশেষকৈ মাতাল চালকৰ বাবে মহানগৰীৰ ৰাজপথত নিশা নিৰাপত্তাহীন হৈ পৰিছে নাগৰিক। কোনখন গাড়ীয়ে কেতিয়া কাক মহটিয়াই নিয়ে ঠিক নাই। লগতে নিজৰো জীৱন বিপদাপন্ন কৰি তুলিছে সেই চালকসকলে।


শুকুৰবাৰে নিশা মহানগৰীৰ জি-এছ ৰোডত দুটা পৃথক দুৰ্ঘটনা সংঘটিত হয়। প্ৰথম ঘটনাটো ভঙাগড় উৰণীয়া সেতুৰ কাষত সংঘটিত হয়। ঘটনাটোত এজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আনটো ঘটনা টাইমছ স্কোৱেৰৰ সন্মুখত সংঘটিত হয়।

4 views0 comments