এইবাৰ মেঘালয়ত দুৰ্ঘটনা : অসমৰ ২ ব্যৱসায়ীৰ মৃত্যু, আহত ৩০






কৰিমগঞ্জৰ বৈঠাখালত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত মৰ্মাহত অসমবাসীলৈ বৃহস্পতিবাৰে সন্ধিয়া আন এটা দুঃখজনক আহে। মেঘালয়ৰ ৰোমাগিৰিত সংঘটিত বাছ দুৰ্ঘটনাত অসমৰ দুজন লোকৰ থিতাতে মৃত্যু হয়। ঘটনাটোত আহত হয় কমেও ৩০জন তেওঁলোকে ৰোমাগিৰিৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰলৈ আহি আছিল।


জানিব পৰা মতে, ৰোমাগিৰিত সাপ্তাহিক বজাৰলৈ ব্যৱসায় কৰাৰ উদ্দেশ্যে লক্ষীপুৰৰ পৰা গৈছিল। সন্ধিয়া বেহা সামৰি ৪০জনীয়া ক্ষুদ্ৰ ব্যৱসায়ীৰ দলটো এখন ৭০৯ বাছেৰে লক্ষীপুৰলৈ ওভতে। যাত্ৰাপথত বাছখন দ' খাৱৈত পৰে। ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে ২৫গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হয়।

7 views0 comments