বিত্ত মন্ত্ৰালয়ৰ মতে ভাৰতবৰ্ষ বিশ্বৰ দ্ৰুততম অৰ্থনীতি হোৱাৰ পথত




বিত্ত মন্ত্ৰালয়ে ৰ শেহতীয়া প্ৰতিবেদনত কয় যে সৰু-বৃহৎ অভিযানবোৰৰ সৈতে ভাৰত বৰ্তমান বিশ্বৰ ভিতৰত দ্ৰুততম অৰ্থনীতি হোৱাৰ পথত অগ্ৰসৰ হৈছে । মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত মাহিলী অৰ্থনৈতিক সমীক্ষাৰ মতে তীব্ৰ টীকাকৰণ তথা অন্য কাৰ্যবোৰে ভাৰতৰ পুনৰুদ্ধাৰত সহায়ক হৈছে ফলত যোগান-চাহিদাৰ অসামঞ্জস্যতা কমিব আৰু বৃহৎ সক্ষক নিবনুৱা সমস্যা কমি যাব । ২০২২ চনত শেষ হবলগীয়া চলিত বিত্তীয় বৰ্ষটোৰ ওপৰত জানুৱাৰী মাহত ৰিলিজ হোৱা আৰ্থিক চাৰ্ভে, ২০২০-২১-য়ে ১১ শতাংশ জিডিপি বৃদ্ধিৰ অনুমান কৰিছিল । কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডছৰ মতে ১.৩ লাখ কোটি টকাৰ দশকটোৰ ভিতৰত সৰ্বাধিক দিপাৱলী বিক্ৰীৰ অভিলেখেৰে ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ নিশ্চিত হৈছিল । ক্ৰমাৎ উন্নত হোৱা কোভিড পৰিস্থিতিৰ মাজত উচ্চ ব্যৱসায় আৰু উপভোক্তাৰ উৎসাহে যোৱা অক্টোবৰ মাহতো বহনক্ষম অৰ্থনৈতিক পুনৰুদ্ধাৰ নিশ্চিত কৰিছিল । কৃষিখণ্ডইও নিজৰ বিকাশৰ দ্বাৰা অৰ্থনৈতিক ভেটি উন্নত কৰিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে ।

4 views0 comments