ফৰ্বছৰ উৎকৃষ্ট অভিনেতাৰ তালিকাত অসম সন্তান আদিল হুছেইন




২০২২ চনত খোজ দিয়েই অসমবাসীয়ে এটা ভাল খবৰ পালে। অসম সন্তান তথা বলীউডৰ অন্যতম প্ৰতিভাশালী আদিল হুছেইনে ফৰ্বছ-ৰ উৎকৃষ্ট অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আদিল হুছেইন। তেওঁ ২০২১ বৰ্ষৰ হিন্দী মনোৰঞ্জন জগত অৰ্থাৎ বলীউডৰ আঠজন উৎকৃষ্ট অভিনেতাৰ মাজৰ এজন হিচাপে মনোনীত হৈছে।

উল্লেখ্য যে এনএছডিৰ সফল ছাত্ৰ আদিল হুছেইনে অসমত ‘ভায়ামামা’ নামৰ কমেডী গোষ্ঠীটোৰ সদস্য হিচাপে অসমত সৰ্বপ্ৰথম খ্যাতি অৰ্জন কৰিছিল। নাট্য জগতৰ অক্লান্ত যোদ্ধাগৰাকীয়ে পাছলৈ বলিউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। তেওঁৰ অভিনয় প্ৰতিভাৰ খ্যাতি বিশ্বজোৰা। কেইবাখনো দেশৰ আগশাৰীৰ মঞ্চত তেওঁ অভিনয়ৰ চাপ এৰি থৈ আহিছে।


আদিল হুছেইনক অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ নামৰ চিনেমাখনত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাখনত স্থান দিয়া হৈছে।

‘তেওঁ বেল বটম ছবিখনত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকাত অভিনয় কৰে আৰু অভিনয়ে সকলোকে মুগ্ধ কৰি তুোলে।’, ফৰ্বছ-এ এইদৰে আদিল হুছেইনৰ প্ৰশংসাত কৰে।

ফৰ্বছ-ত লগতে কোৱা হয় যে অক্ষয় কুমাৰৰ দৰে অভিনেতাই মুখ্য চৰিত্ৰত অভিনয় কৰা চিনেমাত বাকী চৰিত্ৰবোৰে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কিন্তু আদিল হুছেইনৰ অভিনয় প্ৰশংসনীয় আৰু চমকপ্ৰদ।

আদিল হুছেইনৰ উপৰি ফৰ্বছৰ তালিকাত স্থান লাভ কৰা আন অভিনয়শিল্পীকেইজন হৈছে- আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিম্মি শ্বেৰগিল, সিকন্দৰ খেৰ, মানৱ কৌল আৰু আম্ৰুতা সুভাষ।

7 views0 comments