অসমৰ চাহ খেতিত জলবায়ু পৰিবৰ্তনৰ বিৰূপ প্ৰভাৱ





চাহপাতৰ খেতিৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় থকা অসমতো জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ পৰিছে । চাহ বিশেষজ্ঞসকলৰ মতে চাহ উদ্যোগৰ ওপৰত পৰা জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা লোৱাটো অতি জৰুৰী হৈ পৰিছে । 'দ্বিতীয় ফ্লাছ' নামেৰে জনাজাত চাহ গছবোৰত নতুন পাত গজিবলৈ আৰম্ভ কৰাৰ সময়খিনি হৈছে এক অতি জৰুৰী সময় যিটো সাধাৰণতে মে'-জুন মাহত পৰে । এই নবীন পাতটোৰ ওতঃ সুন্দৰ সোৱাদৰ বাবে ইয়াক যথেষ্ট মূল্যবান বুলি বিবেচনা কৰা হয় আৰু ইয়াক পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বিখ্যাত চাহবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । পৃথিৱীৰ ভিতৰতে চাহ হৈছে পানীৰ আটাইতকৈ বেছিকৈ সেৱন কৰা জুলীয়া পদাৰ্থ । কিন্তু জলবায়ু পৰিবৰ্তনৰ ফলত এইবাৰ দ্বিতীয় ফ্লাছৰ চাৰিত্ৰিক বৈশিষ্ট্য একেবাৰেই প্ৰকাশ নাপালে বুলি কব পাৰি । অসমত এইবাৰ সাংঘাতিকধৰণে কম বৰষুণ হোৱাটোকো ইয়াৰ এটা কাৰক বুলি কব পাৰি । উজনি অসমৰ এজন চাহ খেতিয়ক সমৰ জ্যোতি চলিহাই কয় যে আগতে বতৰক অনুমান কৰিব পৰা গৈছিল কিন্তু এতিয়া একেবাৰেই নোৱাৰি । এক জলবায়ু বিপদগ্ৰস্ততা সূচকৰ মতে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ ক্ষেত্ৰত অসম হৈছে দেশখনৰ ভিতৰতে আটাইতকৈ অধিক বিপদজনক স্থিতিত থকা ৰাজ্য । ইয়াৰ বিপদগ্ৰস্ততা সূচকৰ স্কোৰ হৈছে ০.৬১৬, ইয়াৰ পিছতে আছে অন্ধ্ৰপ্ৰদেশ(০.৪৮৩) আৰু মহাৰাষ্ট্ৰ(০.৪৭৮) ।

3 views0 comments