অসম-অসমীয়াৰ আৱেগ-স্বাভিমানত আঘাত কৰি সুৰা কোম্পানীৰ বিজ্ঞাপন






সুৰা উৎপাদন-বিপণন ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান এটাই অসমীয়াৰ পৰিচয়স্বৰূপ তথা স্বাভিমানৰ অন্যতম আহিলা ঢোল-পেঁপাক বিজ্ঞাপনত ব্যৱহাৰ কৰি লোকবাদ্য দুবিধৰ অপব্যৱহাৰ কৰাৰ লগতে আক্ৰমণ কৰিছে অসম আৰু অসমীয়াৰ বৰ্ণিল-ঐতিহ্যমণ্ডিত কৃষ্টি-সংস্কৃতিৰ ওপৰত।


সুৰাৰ বজাৰত পৰিচিত নাম 'অচি ব্লু'ৰ ব্যৱসায় বৃদ্ধি আৰু সুৰাবিধক অধিক জনপ্ৰিয় কৰিবলৈ বিজ্ঞাপনত ব্যৱহাৰ কৰিছে। বিজ্ঞাপনটোত লিখা হৈছে যে “আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে, তেতিয়া অ’চি ব্লু লওক৷" অসমীয়াৰ ঐতিহ্য তথা সংস্কৃতিৰ দুপদ মূল্যৱান সম্পদক এইদৰে সুৰা বিক্ৰীৰ আহিলা হিচাপে ব্যৱহাৰ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


অসম আৰু অসমীয়াৰ আৱেগ-স্বাভিমানক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যটোৰ বাবে প্ৰতিষ্ঠানটোক অসমীয়াৰ ওচৰত ক্ষমা বিচৰাৰ লগতে ততালিকে বিজ্ঞাপনটো বন্ধ কৰিবলৈ দাবী উত্থাপিত হৈছে।

4 views0 comments