কৃষি আইন বাতিল হ'ল : কৃষক আন্দোলনত মৃত কৃষকৰ তথ্য নাই কেন্দ্ৰৰ





আন্দোলনকাৰী কৃষকৰ ওচৰত সেও মানি সংসদত বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰা হ'ল যদিও আন্দোলনটোক লৈ বুধবাৰে আশ্বৰ্যজনক তথ্য দাঙি ধৰে চৰকাৰে। সংসদৰ চলিত শীতকালীন অধিৱেশনত এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কৃষক আন্দোলনত কিমানজনৰ মৃত্যু হৈছে, সেই তথ্য চৰকাৰৰ হাতত নাই। ইয়াৰ বিপৰীতে প্ৰায় এবছৰ ধৰি চলা আন্দোলনটোত প্ৰায় ৭০০ কৃষকৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিছে কৃষক সংগঠনে। মৃত কৃষকসকলক ইতিমধ্যে শ্বহীদো ঘোষণা কৰিছে আন্দোলনকাৰীয়ে।



এটা লিখিত প্ৰশ্নৰ উত্তৰত নৰেন্দ্ৰ সিং টোমৰে সংসদত কয় যে কৃষক আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষক আৰু তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰৰ বিষয়ে চৰকাৰ অৱগত নহয়। গতিকে কাকো আৰ্থিক সাহায্য দিয়াৰ কোনো প্ৰশ্নই নাই।



উল্লেখ্য যে শীতকালীন অধিৱেশনত সোধা হৈছিল, কৃষক আন্দোলনৰ সময়ত কিমানজন কৃষকৰ মৃত্যু হ’ল, সেই বিষয়ে চৰকাৰৰ কিবা তথ্য আছে নেকি? চৰকাৰে তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ভাবিছে নেকি? ইয়াৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে সদনত পোনে পোনে কয় যে মৃতকৰ কোনো তথ্য চৰকাৰৰ হাতত নাই। গতিকে সাহায্যৰ প্ৰশ্নই নাহে।


আনহাতে, মন্ত্ৰী টোমৰে সদনক জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে কৃষক নেতাসকলৰ সৈতে ১১ পৰ্যায়ত আলোচনা কৰিছিল। কিন্তু আলোচনা ব্যৰ্থ হৈছিল।

6 views0 comments