অজিত ডোভালৰ নেতৃত্বত বুধবাৰে দিল্লীত আফগানিস্তানক লৈ বৈঠক : চীনে ভাগ নলয়




১০ নৱেম্বৰ অৰ্থাৎ কাইলৈ নতুন দিল্লীত ভাৰতৰ আহ্বানত আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিক লৈ অনুষ্ঠিত হ'বলগীয়া বৈঠকত ভাগ নলয় চীনৰ প্ৰতিনিধি। ইয়াৰ পূৰ্বে পাকিস্তানেও প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল। চীনৰ স্থিতি সন্দৰ্ভত 'দ্য ইন্ডিয়ান এক্সপ্রেছ'ত প্ৰকাশ হৈছে এটা বাতৰি। চীনৰ মতে, আফগানিস্তানত স্থিতাৱস্থা বজাই ৰখাত দ্বিপাক্ষিক কূটনৈতিক স্তৰৰ আলোচনাত জোৰ দিয়া হ'ব। অৱশ্যে বৈঠকখনত ৰাছিয়া, ইৰাণ আৰু মধ্য এছিয়াৰ বহু দেশে ভাগ ল'ব। বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে ভাৰতক নেতৃত্ব দিব।


উল্লেখ্য যে আফগানিস্তানত তালিবানৰাজ স্থাপন হোৱাৰ পাছৰে পৰা বিশ্বজুৰি উদ্বেগ বাঢ়িছে। চোৰাংচোৱাৰ খবৰ অনুসৰি ভাৰতৰ বাবেও আছে চিন্তাৰ কাৰণ। আফগানিস্তানত ইতিমধ্যে ভাৰতবিৰোধী একাধিক শক্তিয়ে সক্রিয়তা বৃদ্ধি কৰিছে। অকল ভাৰতৰ বাবেই নহয়, আফগানিস্তানত ইছলামিক সন্ত্ৰাসবাদীৰ সক্রিয়তা বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰণ। দেশখনপ পৰিস্থিতি পর্যালোচনাৰ বাবেই কাইলৈ দিল্লিত গুৰুত্বপূর্ণ বৈঠকখন অনুষ্ঠিত কৰিব ভাৰতে। বৈঠকত ৰাছিয়া, ইৰান,তাজিকিস্তান,উজবেকিস্তান,তুর্কেমেনিস্তান, কাজাখাস্তান আৰু কিৰঘিজস্তানৰ প্রতিনিধি।

4 views0 comments