লাভ জেহাদক মহিমামণ্ডিত : অক্ষয় কুমাৰ-চাৰাৰ 'অতৰংগি ৰে' বৰ্জনৰ আহবান




লাভ জেহাদক উদগনি যোগোৱাৰ অভিযোগ উঠিছে অক্ষয় কুমাৰ, চাৰা আলী খান আৰু ধনুষ অভিনীত 'অতৰংগি ৰে' নামৰ বোলছবিখন। অকল সেয়াই নহয়, চিনেমাখন বৰ্জন কৰিবলৈ জনোৱা আহ্বানে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। মঙলবাৰে টুইটাৰযোগে চিনেমাখন বৰ্জনৰ একাংশই আহ্বান জনায়। লগে লগে আহ্বানটো সাৰ্বজনীন আহ্বানত পৰিণত হয়।


উল্লেখ্য যে ২৪ ডিচেম্বৰৰ পৰা ডিজনী + হটষ্টাৰ (Disney+ Hotstar)ত প্ৰদৰ্শিত হৈ আছে চিনেমাখন। মঙলবাৰে টুইটাৰত ট্রেণ্ডিম হয় ‘বয়কট অতৰংগি ৰে’ (Boycott Atrangi Re)। ইয়াত কোৱা হৈছে যে “হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ সম্পর্কক সঁচা প্রেম হিচাপে দেখুওৱা হৈছে। আনন্দ এল ৰাইৰ চিনেমাখনত লাভ জেহাদক মহিমামণ্ডিত কৰা হৈছে আৰু হিন্দু সম্প্রদায়ৰ ভাবাৱেগত আঘাত কৰা হৈছে। সেয়ে হিন্দুসকলে একত্ৰ হৈ চিনেমাখন বয়কট কৰা উচিত।”


লগতে অভিযোগ কৰি কোৱা হৈছে যে চিনেমাখনত ‘হিন্দুফোবিয়া’ক প্রশ্রয় দিয়া হৈছে। তদুপৰি, নেপোটিজমৰ অভিযোগো উত্থাপন হৈছে।



অতৰংগি ৰে হৈছে এটা ত্রিকোণ প্রেমৰ কাহিনী। চিনেমাখনত চাজ্জাদ আলী খানৰ চৰিত্রক অভিনয় কৰিছে অক্ষয় কুমাৰ (Akshay Kumar)। চাৰা আলী খানৰ (Sara Ali Khan) চৰিত্রৰ নাম ৰিংকু সূর্যবংশী। আনহাতে ধনুষে অভিনয় কৰিছে বিশুৰ চৰিত্ৰত। ইয়াৰ চাজ্জাদ আৰু ৰিংকুৰ মাজৰ সম্পৰ্কক লৈ আপত্তি তোলা হৈছে। লগতে চাৰাৰ চৰিত্রটোৰ কিছু সংলাপক লৈও আপত্তি দৰ্শোৱা হৈছে।

5 views0 comments