ভাৰতৰ হিজাব বিতৰ্কত মূৰ সুমুৱাই পুনৰ আবিৰ্ভাৱ আল-কায়দাৰ মুৰব্বী জোৱাহিৰিৰ




কথাতে কোৱা হয় মোল্লাৰ দৌৰ মছজিদলৈহে। ভাৰতত চলি থকা হিজাব বিতৰ্কত তেনে এজন মোল্লাৰ আবিৰ্ভাৱ ঘটিছে। তেওঁৰ নাম আয়মন আল-জোৱাহিৰি। আল-কায়দা নামৰ কুখ্যাত ইছলামিক জেহাদী সংগঠনটোৰ মুৰব্বী। সমগ্ৰ বিশ্বতে ইছলামৰ নাম ডুবোৱাসকলৰ অন্যতম এইজনা সন্ত্ৰাসবাদীয়ে শেহতীয়াকৈ কৰ্ণাটকত সৃষ্টি হোৱা হিজাব বিতৰ্কত মূৰ সুমুৱাই ভাৰতবৰ্ষত বসবাস কৰা মুছলমানৰ হৃদয়ত স্থান দখল কৰাৰ ফান্দ এখন পাতিছে।

এইখিনিতে কৰ্ণাটকত হিডাব বিতৰ্কৰ সময়ত এগৰাকী মুছলমান যুৱতীয়ে শিক্ষানুষ্ঠানৰ নীতি-নিয়মক ভৰিৰে মোহাৰি শ্ৰেণীকোঠাত প্ৰৱেশৰ অপচেষ্টা চলাইছিল। যুৱতীগৰাকীক সেই প্ৰচেষ্টাত একাংশই দিয়া বাধাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ শিক্ষানুষ্ঠানখনৰ চৌহদত আল্লাহু আকবৰ ধ্বনি দি দেশজুৰি হঠাতে পৰিচিত ব্যক্তি হৈ পৰিছিল। শীৰ্ণকায় মুছলমান তৰুণীগৰাৰীৰ না মুছকান। তেওঁৰ সেই ভিডিঅ’টো সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰে।

সেই মুছকানকে এইবাৰ জোৱাহিৰিয়ে প্ৰশংসাৰে উপচাই পেলাইছে। এটা ভিডিঅ’ত আল-কায়দাৰ মুৰব্বীজনে মুছকানক সাহসিকতাৰ প্ৰতীক হিচাপে উপস্থাপন কৰি এটা কবিতা লিখিছে।


লক্ষণীয় কথাটো হৈছে, জোৱাহিৰি জীয়াই থকা নাই বুলি দীৰ্ঘদিন ধৰি চৰ্চা এটা চলি আছিল। কিন্তু মুছকানৰ প্ৰসংগৰে কুখ্যাত জেহাদীটোৰ পুনৰ আবিৰ্ভাৱ ঘটিছে। এইজন জেহাদী নেতাই বিন লাডেনৰ নিহত হোৱাৰ পিছতে আল-কায়দাৰ নেতৃত্ব নিজৰ হাতলৈ আনিছিল। সন্ত্রাসবাদবিৰোধী সংগঠন SITE-এ ভিডিঅ’টোৰ সত্যতা বিচাৰ কৰি কৈছে যে ভিডিঅ’ত মুছকানক লৈ দস্তুৰমত উচ্ছ্ব্বসিত দেখা গৈছে জোৱাহিৰিক।

ভিডিঅ’টোৰ থাম্বনেল আৰু পোষ্টাৰত লেখা হৈছে ‘ভাৰতৰ মহীয়সী’। মুছকানৰ সাহসিকতাক লৈ কবিতা লিখাৰ কথা জনোৱাৰ লগতে জোৱাহিৰিয়ে ভিডিঅ’টোত এইবুলি কৈছে, তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে মুছকানৰ কথা জানিব পাৰিছে। জেহাদী নেতাজনে লগতে ভাৰতত মুছনমানৰ ওপৰত অন্যায় আচৰণ কৰা বুলিও অভিযোগ কৰি মোদী চৰকাৰক ইয়াৰ বাবে জগৰীয়া কৰিছে।

আল-কায়দাৰ ‘আছ-চাহাব মিডিয়া’ত প্রকাশ হৈছে ভিডিঅ’টো। জোৱাহিৰিৰ কথাৰ পৰা পৰিষ্কাৰ হৈছে যে আত্মগোপন কৰি থাকিলেও ভাৰতৰ সংঘটিত ঘটনাৱলীৰ প্ৰতি জেহাদীটোৱে নজৰ ৰাখি থাকে। জোৱাহিৰিয়ে লগতে ইজিপ্ট আৰু মৰক্কোৰ হিজাব নীতিকো সমালোচনা কৰে।

প্ৰসংগক্ৰমে উল্লেখ্য যে ভাৰতবৰ্ষত আল-কায়দাৰ জালখন প্ৰসাৰিত কৰিবলৈ কুখ্যাত সংগঠনটোৱে দীৰ্ঘদিন ধৰি অপচেষ্টা চলাই আহিছে। সংগঠনটোৱে ইতিমধ্যে কেৰালা, উত্তৰপ্ৰদেশ, কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যৰ একাংশ মুছলমান যুৱক-যুৱতীক সংগঠনটোলৈ টানি নিয়াত সফলো হৈছে। অসমতো আল-কায়দাৰ জাল লাহে লাহে প্ৰসাৰিত হ’বলৈ ধৰিছে। কিন্তু সংগঠনটোৱে কাংক্ষিত ধৰণে সফলতা লাভ কৰা নাই। ইউৰোপ বা আফ্ৰিকাৰ দেশৰ তুলনাত ভাৰত আল-কায়দা, আইছিছৰ দৰে সংগঠনৰ পৰা মুছলমান সমাজখনে এতিয়াও দূৰত্ব বজাই ৰাখিছে। সেয়ে বিশ্বৰ দ্বিতীয় সৰ্বাধিক মুছলমানৰ বসতি ভাৰতত আন্তৰ্জাতিক কুখ্যাত জেহাদী সংগঠনৰ শক্তি এতিয়াও আন দেশৰ তুলনাত কম। ইয়াৰ বাবে ভাৰতৰ চোৰাংচোৱা সংস্থা, নিৰাপত্তা বাহিনীও কৃতিত্বৰ অংশীদাৰ। তেওঁলোকৰ সামূহিক প্ৰচেষ্টাত দেশখনত অল-কায়দা, আইছিছৰ ভেটি এতিয়াও আন বহু দেশৰ তুলনাত দুৰ্বল। সেয়ে আল-কায়দা, আইছিছে সদায়েই ভাৰতত সংগটিত ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে। ইয়াত হোৱা বিভিন্ন ঘটনাৰ অপব্যাখ্যা কৰি সংগঠনটোৱে মুছলমানৰ নয়নৰ মণি হ’বলৈ ফান্দ পাতে।

8 views0 comments