অহা তিনি বছৰৰ ভিতৰত সকলো চৰকাৰী গাড়ী বৈদ্যুতিক গাড়ী হোৱাৰ সম্ভাৱনা





কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু সেইবোৰৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ গাড়ীবোৰ অহা তিনি বছৰৰ ভিতৰত বৈদ্যুতিক গাড়ীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে । ২০৭০ চনলৈ শূণ্য কাৰ্বন নিৰ্গমন কৰাৰ বাবে চৰকাৰৰ যি লক্ষ্য, এই সম্ভাৱনা বাস্তৱ হলে সেই লক্ষ্য পূৰণৰ দিশে চৰকাৰে আৰু এখোজ আগুৱাব । অহা ২০২৫ চনৰ ভিতৰত বৈদ্যুতিক গাড়ীবোৰৰ দাম কমি আইচিই গাড়ীবোৰৰ পৰ্যায়লৈ আহিব বুলি আশা কৰা হৈছে । কেন্দ্ৰই ৪ মিলিয়ন বা তাতকৈ অধিক জনসংখ্যা থকা ৯ খন চহৰ ক্ৰমে মুম্বাই, দিল্লী, বেংগলৰ, হাইডৰাবাদ, আহমেদাবাদ, চেন্নাই, কলিকতা, চুৰট আৰু পুনেক বৰ্ধিত বৈদ্যুতিক গাড়ীৰ গ্ৰহণৰ বাবে বাছনি কৰিছে । উল্লেখযোগ্য যে চৰকাৰে ১০০০০ কোটি টকাৰ ফাষ্টাৰ এডপচন এণ্ড মেনুফেকচাৰিং অফ হাইব্ৰীড এণ্ড ইলেক্ট্রিক ভেহিকলছ (ফেম) যোজনাৰ লাভ উঠাবলৈ পৰিকল্পনা কৰিছে যাক ডিজাইন কৰা হৈছিল ৰাজহুৱা আৰু অংশীদাৰী পৰিবহন ব্যৱস্থাৰ বৈদ্যুতিকৰণক সমৰ্থন কৰাৰ বাবে আৰু এই চার্জিঙ আন্তঃগাঁঠনিৰ নিৰ্মাণত সহায়ক হোৱাৰ বাবে । এই যোজনা হৈছে গাড়ীৰ পৰা ওলোৱা ধোঁৱা আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাক হ্ৰাস কৰাৰ বাবে চৰকাৰে লোৱা পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ । জানিব পৰা মতে পেট্ৰল আৰু ডিজেলৰ চাহিদাৰ উন্নতি (demand growth) এই দশকটোত আগৰ দশকৰ তুলনাত কমি গৈ প্ৰতিবছৰে ১.৫% হোৱাৰ সম্ভাৱনা আছে । যোৱা দশকটোত এই চাহিদাৰ উন্নতিৰ মাত্ৰা আছিল প্ৰতিবছৰে ৪.৯% ।

4 views0 comments