বিৰোধীৰ ৮-৯জনৰ বাহিৰে সকলো বিধায়কৰ বিজেপিত যোগদানৰ মন : মুখ্যমন্ত্ৰী ড০ শৰ্মা






ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনলৈ ক্ষণগণনা আৰম্ভ হৈছে। আসন দুখনৰ এখনত বিৰোধী শিবিৰৰ প্ৰাৰ্থী ৰিপুণ বৰা জয়ী হ’ব বুলি কংগ্ৰেছে দাবী কৰিছে। বিজেপি-মিত্ৰজোঁটৰ মতে দুয়োখন আসনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী দুজন জয়ী হ’ব। এনে ৰাজনৈতিক উত্তেজনা, জল্পনা-কল্পনাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ বিধায়ক তথা কংগ্ৰেছ নেতা শশীকান্ত দাসৰ বাসগৃহলৈ যায়। তাত তেওঁ কংগ্ৰেছ নেতাগৰাকীক সাক্ষাৎ কৰে। বিষয়টো ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে। মন্ত্ৰী পীয়ূষ হাজৰিকা, মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ বিধায়কগৰাকীৰ ঘৰলৈ মুখ্যমন্ত্ৰীৰ গমনত ৰাজনৈতিক লক্ষ্য নাই বুলি দাবী কৰে। ইয়াৰ বিপৰীতে সেয়া ঘৰুৱা বুলিহে মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে শশীকান্ত দাসৰ সম্পৰ্ক বহুদিনীয়া। কংগ্ৰেছত থকা কালৰে পৰা দুয়োৰে সুসম্পৰ্ক বুলি প্ৰকাৰান্তৰে দাবী কৰি মন্ত্ৰী হাজৰিকাই মুখ্যমন্ত্ৰীয়ে পূৰ্বতে দিয়া কথা অনুসৰি কংগ্ৰেছ বিধায়কজনৰ গৃহলৈ যায়। ইফালে, শসীকান্ত দাসৰ ঘৰলৈ গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে ৰাজসভাৰ দুয়োখন আসনৰ বাবে মিত্ৰজোঁটে পৱিত্ৰ মাৰ্ঘেৰিটা, ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে। দুয়োগৰাকী প্ৰাৰ্থীৰ জয় নিশ্চিত। কংগ্ৰেছে দাবী কৰাৰ দৰে দ্বিতীয়খন আসনত ৰিপুণ বৰা নিজিকে। কিয়নো কংগ্ৰেছৰ বহু বিধায়কে বিজেপিক ভোট দিব। কংগ্ৰেছে সেই ছাইডটো দেখা নাই। তেওঁ সাংবাদিকৰ আগত আৰু কেতবোৰ বিস্ফোৰক তথ্য সদৰী কৰে। তেওঁ কয় যে কংগ্ৰেছ তথা বিৰোধীৰ ৮-৯জনমান বিধায়কৰ বাহিৰে সকলো বিধায়কে বিজেপিৰ সৈতে যোগাযোগত আছে। তেওঁলোকে বিজেপিত যোগদান কৰিবলৈ উৎসুক হৈ আচে। মইহে বাধা দি আছোঁ। কিয়নো বাৰে বাৰে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। উপ-নিৰ্বাচনত ৰাইজৰো খৰচ হয়। ৰাজকোষৰ খৰচ হয়। কৰোনাৰ পৰা অৰ্থনীতি মুক্ত হৈ উঠিছেহে। এতিয়াই খৰচৰ বোজা জাপি দিব বিচৰা নাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত কয় যে ৰাজ্যসভাত প্ৰতিপক্ষক ভোট দিলে বিধায়ক এজন অযোগ্য ঘোষিত নহয়। হুইপ অনুসৰি ভোটটো কাক দিলে, সেইটো দেখুৱাব লাগে। তেওঁ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস কংগ্ৰেছৰ হ’লেও চৰকাৰৰ সৈতে আছে বুলি দাবী কৰে। লগতে কয় যে বহু বিধায়কে বিজেপিক ভোট দিবলৈ ৰৈ আছে। তেওঁলোকে দলীয় হুইপ অমান্য কৰি ভোট দিলেও বিধায়ক পদ হেৰুৱাব নালাগে। বহু বিধায়ক এনেও আছে যিয়ে অযোগ্য ঘোষিত হ’লে ভালহে পায়। বিজেপিত যোগদান কৰি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা ৰহাৰ জোঙাল বলহু গড় পৰিদৰ্শন কৰিবলৈ যায়। সেই সন্দৰ্বত তেওঁ কয় যে জোঙাল বলহুক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ় দিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা আবণ্টন দিব। ইয়াৰে জোঙাল বলহু ক্ষেত্ৰখন উন্নত কৰি তোলা হ’ব। ইয়াক তিনিটা ভাগত ভগাই নিৰ্মাণ কৰা হ’ব। এটা ভাগত মুক্ত নাট্য মঞ্চ এখন থাকিব। ত্ৰিশটা পৰিয়াল থাকিব পৰাকৈ এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব। এশ-ডেৰশ মানুহে বহিব পৰাকৈ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব। পুখুৰীটো আকৰ্ষণীয় কৰি তোলা হ’ব।বেটেৰী গাড়ী চলিব। লাইট এণ্ড ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা থাকিব। কেইবাখনো ওলমা সেতু নিৰ্মাণ কৰা হ'ব।

15 views0 comments