ছুমীৰ পৰা ৪১ অসমীয়াসহ সকলো উভতিল




ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৃষ্ঠভূমিত সবাতকৈ বিপজ্জনক হৈ পৰা ইউক্ৰেইনৰ ছুমী চহৰত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকল একপ্ৰকাৰ মৃত্যুকেই ফাঁকি উভতিবলৈ সক্ষম হৈছে। তাত থকা অসমীয়া শিক্ষাৰ্থীসকলো নিৰাপদে ইউক্ৰেইন এৰি আহিছে। ভাৰত চৰকাৰৰ বাবে এইটো আছিল সবাতকৈ কঠিন উদ্ধাৰ অভিযান। মূৰকত কঠিন অভিযানটো সফল হয়। ৰাছিয়ান সেনাই দিয়া হিউমেন কৰিডৰৰ জৰিয়তে ভাৰতীয় দলটো ইউক্ৰেইনৰ সীমা অতিক্ৰম কৰে।


আজি পুৱা লগতে ছুমিত থকা সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ২২খন বাছত উভতাই অনাৰ ব্যৱস্থা কৰিলে ভাৰত চৰকাৰে। দলটোত ছুমিত আৱদ্ধ হৈ থকা অসমৰ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী।


ভয়ানক ৰণক্ষেত্ৰত পৰিণত ছুমিত সাধাৰণ মানুহৰ বাবে বসতি অসম্ভৱ হৈ পৰিছিল। আকাশমাৰ্গৰ অহৰহ নিক্ষেপ হৈ থকা বোমাৰ কোনেও ক'লৈকে ওলাব নোৱাৰা হৈ পৰে। দিনৰ পাছত দিন বাংকাৰত কটাবলগীয়া হয় সকলোৰে। খাদ্য নাই, পানী নাই। যদি কিবা আছিল সেয়া মাথোঁ আৰ্তনাদ, আতংক, মৃত্যুৰ শংকা। ৰাছিয়াৰ শক্তিশালী ছুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা অসমৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছিল ভাবুকি। বিগত দুদিন ধৰি চহৰখনত ৰাছিয়ান সেনাই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছিল। ৰাছিয়ান সেনাৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হোৱা চহৰখনত থকা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে বিগত দুদিন অনাহাৰে-অনিদ্ৰাই বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল।


বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অভিভাৱক সকলৰো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। অৱশ্যে সকলোকে নিৰাপদে উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে ভিডিঅ' বাৰ্তাযোগে ছাত্ৰ-ছাত্ৰী সকলক সাহস আৰু ধৈৰ্য্যৰে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিল।


অৱশেষত ভাৰত চৰকাৰৰ প্ৰচেষ্টাত আজি পুৱা বহু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ছুমিত থকা সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ২২খন বাছত উভতাই অনাৰ ব্যৱস্থা কৰিলে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ মিছন গংগাৰ অধীনত সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ছুমিৰ পৰা নিৰাপদে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।


ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষাৰ বাবে ইউক্ৰেইনী সেনাৰ বাহন আৰু চিকিৎসকৰ দলো তেওঁলোকৰ লগত আহিছে। ছুমিৰ পৰা প'লটোভালৈ সকলো ছাত্ৰ-ছাত্ৰীক অনা হয়। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

2 views0 comments