ক'লাগুণ্ডাৰ মৃতদেহ পৰিবহণ কৰিবলৈ অমান্তি জেএমচিএইচৰ এম্বুলেঞ্চৰচালকৰ




যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক'লাগুণ্ডাৰ মৃতদেহক লৈ আলাই আথানি হৈছে পৰিয়ালৰ। নৰখাদকটোৰ প্ৰতি জনসমাজত ইমানেই ঘৃণা পুঞ্জীভূত হৈছে যে এম্বুলেঞ্চ চালকেও মৃতদেহটো পৰিবহণ কৰিবলৈ অস্বীকাৰ কৰিছে। উপায় নাপাই অন্য গাড়ী ভাৰালৈ লৈ মৃতদেহটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলগীয়া হৈছে ক'লাগুণ্ডাৰ পৰিয়ালৰ লোকে।


উল্লেখ্য যে ছাত্ৰনেতা অনিমেষ ভূঞাক বৰ্বৰোচিতভাৱে হত্যা কৰা নৰপিশাচৰ দলটোৰ চৰ্দাৰ আছিল ক'লাগুণ্ডা ওৰফে নীৰজ দাস। মঙলবাৰে নিশা ডেৰমান বজাত আৰক্ষীৰ বাহনৰ খুন্দাত নীৰজ প্ৰাণবায়ু উৰি যায়। নিশাই আৰক্ষীয়ে নীৰজক জেএমচিএইচত ভৰ্তি কৰে। হাস্পতালখনৰ চিকিৎসকে ক'লাগুণ্ডাক মৃত ঘোষণা কৰে। আজি অৰ্থাৎ বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে।কিন্তু হাস্পতালৰ পৰা ক'লাগুণ্ডাৰ মৃতদেহটো ঘৰলৈ পৰিবহণ কৰাত অমান্তি হয় জেএমচিএইচৰ এম্বুলেঞ্চৰচালকসকল। ইয়াকে লৈ বিপাঙত পৰে ক'লাগুণ্ডাৰ পৰিয়ালৰ লোক। পিছত টাটা এচিই এখন ভাৰাত ল'বলগীয়া হয়।


39 views0 comments