অমাইক্ৰন : অৰ্থনীতি ভাগি পৰাৰ দিশে আমেৰিকা, ভাৰতত নহয় সম্পূৰ্ণ লকডাউন



কঠোৰ সতৰ্কতামূলক ব্যৱস্থা সত্ত্বেও ভাৰতত মাথোঁ কেইদিনমানৰ ভিতৰতে অমাইক্ৰনৰ সংক্ৰমণে ডেৰ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে। ইয়াৰ বিপৰীতে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাৰ শেহতীয়া অৱতাৰটোৱে অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছে যে বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰকেইখনৰ অৰ্থনীতি কম দিৰ ভিতৰতে ভাগি পৰিব বুলি বিশেষজ্ঞই শংকা ব্যক্ত কৰিছে। অৰ্থনীতিৰ ভৱিষ্যতক লৈ আমাৰ দেশখনতো ইতিমধ্যে উদ্বেগৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনত তৃতীয় লহৰ আহিলেও সম্পূৰ্ণ লকডাউন বলৱৎ কৰা নহয় বুলি ঘোষণা কৰিবলগীয়া হৈছে।

ব্রাউন ইউনিভাৰ্ছিটীৰ স্কুল অৱ পাবলিক হেলথৰ ইমার্জেন্সি মেডিচিনৰ অধ্যাপক মেগান ৰাণীয়ে কৈছে, ‘অমাইক্রন সর্বত্র বিৰাজমান। পৰিস্থিতি এনেকুৱা হৈছে যে সমাগত কেইটামান মাহৰ ভিতৰতে আমেৰিকাৰ অৰ্থনীতি ভাগি পৰিব পাৰে। ইয়াৰ বাবে তেওঁ যুক্তৰাষ্ট্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰসমূহক জগৰীয়া কৰা নাই। তেওংৰ মতে, নাগৰিকৰ শাৰিৰীক অসুস্ততাৰ বাবে দেশখনৰ অৰ্থনীতি সংকটত পৰিব পাৰে।’

জন্স হপকিন্স ইউনিভাৰ্ছিটীৰ শেহতীয়া তথ্য অনুসৰি, চলিত সপ্তাহৰ দিনকেইটাত প্ৰতিদিনৰ আক্ৰান্তৰ গড় সংখ্যাই নতুন অভিলেখ সৃষ্টি কৰিছে। শুকুৰবাৰে ৩,৮৬,০০০ৰো অধিক মানুহ ক’ভিডত আক্রান্ত হৈছে।

নিউ য়র্ক চিটীৰ মেট্র’পলিটান ট্রান্সপোর্টেচন অথ’ৰিটী (এমটিএ)ৰ কর্মীসকল ইতিমধ্যে সমস্যাযত পৰিছে। তেওঁলোকে কৈছে যে বিভিন্ন লাইনৰ মেট্রো ৰে’ল সেৱা বন্ধ কৰা হৈছে৷

শনিবাৰে নিউ য়র্কৰ গভর্নৰ কেথি হোচুলেই কৈছে-তাত এদিনত ৮৫,৪৭৬জন কৰোনাত আক্রান্ত হয়ৈছে। নিউ য়র্কত সাত দিনত আক্রান্তৰ হাৰ ১৯.৭৯ শতাংশ।

ইফালে, সংক্রমণ বৃদ্ধি পোৱাত স্বাস্থ্যসেৱা ক্ষেত্ৰখনত সেৱাৰ নাটনি ঘটিছে। ইউনিভার্ছিটী অৱ মেৰেলাণ্ড কেপিটেল ক’ভিড সেৱাৰ স্বাস্থ্যকর্মীয়ে সেৱাৰ নাটনিত উদ্বেগ প্ৰকাশ কৰিছে। এটা বিবৃতিত তেওঁলোকে কৈছে যে বর্তমান চাহিদাৰ তুলনাত স্বাস্থ্যকর্মীৰ সংখ্যা কম। দেশখনত শিক্ষানুষ্ঠান খোলা থকাক লৈও বেশেষজ্ঞই চৰকাৰক প্ৰশ্ন কৰিছে। ম্যাচাচুচেটছ টিচাৰ্ছ এছ’চিয়েচনে শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ চৰকাৰলৈ আবেদন জনাইছে।


ইফালে, অমাইক্ৰন তথা কৰোনাৰ ান ভেৰিয়েণ্টৰ সংক্ৰমণ ক্ৰমশঃ বৃদ্ধিত ভাৰততো তৃতীয় লহৰৰ আশংকাই দেখা দিছে। ইয়াৰ প্ৰথমটো লহৰ আৰু কঠোৰ লকডাউনৰ বাবে ভাৰতৰ অৰ্থনীতি ২৪ শতাংশ সংকুচিত হৈ পৰিছিল। এইবাৰ তৃতীয় লহৰৰ মুখত পৰিছে দেশখন। কিন্তু অৰ্থনীতিৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰা বিৰত থকাৰ পথ লৈছে। নৱবৰ্ষৰ পহিলা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ লকডাউনৰ পথলৈ নাযায় বুলি ইংগিত দিছে। তেওঁ কয়- “কৰোনাৰ চেলেঞ্জ আছে। কিন্তু কৰোনা ভাৰতৰ গতি ৰুদ্ধ কৰিব নোৱাৰে।”

প্রধানমন্ত্রী মোদীয়ে কৈছে, “ভাৰত সকলো ধৰণৰ সাৱধানতা বজাই ৰাখি, সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰি কৰোনাৰ সৈতে যুদ্ধ কৰিব। লগতে জাতীয় স্বাৰ্থো পূৰণ কৰিব। তেওঁৰ স্পষ্ট মন- ২০২২-ত দেশৰ আর্থিৰ বৃদ্ধিৰ গতি আৰু বৃদ্ধ কৰিব লাগিব।

উল্লেখ্য যে ক’ভিডৰ প্রথম লহৰত বছৰটোৰ এপ্রিল-জুনত জিডিপিৰ প্রায় ২৪ শতাংশ সংকোচন হৈছিল। তাৰ পিছত জুলাই-ছেপ্টেম্বৰতো সেই সংকোচন বাহাল থাকে। তাৰে পিছৰে পৰা সামান্য আৰ্থিক প্ৰগতি আৰম্ভ হয়। চলিত বছৰৰ ছেপ্টেম্বৰলৈকে সেই ইতিবাচক বৃদ্ধিৰ হাৰ অব্যাহত থাকে। জুলাই-ছেপ্টেম্বৰত আর্থিক বৃদ্ধিৰ হাৰ আছিল ৮ শতাংশৰো অধিক।

15 views0 comments