অমিক্রন : সংক্ৰমণ ক্ষমতা অধিক, মাৰক ক্ষমতা কম





সংক্রমণ ক্ষমতা বেছি, কিন্তু মাৰক ক্ষমতা বিশেষ নাই। কৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্রনৰ বিষয়ে সদ্যহতে এনে ধাৰণাকে কৰা হৈছে জনাইছে আমেৰিকাৰ শীর্ষস্থানীয় এপিডিমিঅ'ল'জিষ্ট এন্টনী ফাউচিয়ে। অৱশ্যে তেওঁ লগতে স্পষ্ট কৰি দিছে যে নতুন ৰূপটোৰ বহু কথাই অজ্ঞাত।




ফাউচিয়ে কয়, ‘‘এই পর্যন্ত ভাল ইংগিতেই পোৱা গৈছে।’’ এটা আমেৰিকান সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁ কয় তিনি, ‘‘দক্ষিণ আফ্রিকাত কৰোনা সংক্রমণ একেবাৰেই কম আছিল। এতিয়ী সংক্রমণৰ গ্ৰাফডাল ঊর্ধ্বমুখী। বেছিভাগ অমিক্রন আক্রান্ত। কিন্তু ৰোগীৰ সাংঘাটিক শোচনীয় অৱস্থা হোৱাৰ কোনো খবৰ নাই।’’ দক্ষিণ আফ্রিকাত অল্পবয়সীয়াৰ সংখ্যা বেছি। আশংকা কৰা হৈছিল যে দেশখনৰ জনসাধাৰণৰ এই অংশটো ভয়ংকৰ বিপদত পৰিব। এতিয়ালৈকে তেনে কোনো দুঃসংবাদ নাই। ৪০খন দেশত অমিক্রন চিহ্নিত হৈছে। কোনো এখন দেশৰ পৰা বিপদবার্তা অহা নাই।


ইয়াৰ মাজতে আমেৰিকাৰ পিছত অষ্ট্ৰেলিয়াতো অমিক্রনত সংক্ৰমিত লোক ধৰা পৰিছে। ছিডনীত পাঁচজন ওমিক্রন পজিটিভ ওলাইছে। তেওঁলোকৰ কিন্তু নিকট অতীতত বিদেশ ভ্ৰমণৰ নজিৰ নাই। বিশ্বৰ আন আন দেশতো এনে পজিটিভ লোক পোৱা গৈছে। ইয়াৰ অৰ্থ এটাই ভেৰিয়েণ্টটোৰ স্থানীয়ভাৱে সংক্ৰমণ আৰম্ভ হৈছে। ইফালে, জাৰ্মানীৰ লেখীয়াকৈ ইটালিতো ভেকচিন নোলোৱা লোকৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা আৰম্ভ হৈছে। তেওঁলোকে থিয়েটাৰ, চিনেমা হল, খেলা বা সংগীতৰ কোনো সমাৱেশ, অনুষ্ঠান আদিত প্ৰৱেশ কৰিব নোৱাৰিব। জার্মানিত টিকা নোলোৱা লোকৰ ওপৰত ‘লকডাউন’ জাৰি কৰা হৈছে। পৰিবহণৰ ক্ষেত্রত যাত্ৰীয়ে ‘গ্রীন পাছ’ দেখুৱাবলগীয়া হৈছে।




আনহাতে, বিশেষজ্ঞৰ মাজৰ একাংশৰ মতে ডেল্টা ষ্টেইনক আঁতৰাই অমিক্রনে পৃথিৱী দখল কৰি বহি ল'ব। এই ক্ষেত্ৰত

যদি ভেৰিয়েণ্টটো নিৰীহ হয়, মানুহ-ভাইৰাছৰ হয়তো অৱশেষত সন্ধি হ'ব। তেন্তে এইবাৰ মহামাৰী শেষ হ'ব? অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ভেকচিনোলজীৰ অধ্যাপক তথা এষ্ট্ৰোজেনেকা-অক্সফোর্ডৰ ক'ভিড টিকাৰ স্রষ্টা চাৰা গিলবাৰ্টে এটা অনুষ্ঠানত কয়, আকৌ কোনো অতিমাৰী আহিব পাৰে।হয়তো আৰু ভয়ঙ্কর। পূৰ্বৰ পৰাই শিক্ষা ল'ব লাগিব।

17 views0 comments