অমিক্রন বাহক নেকি? আফ্ৰিকীয় ৰাষ্ট্ৰ পৰা ১৫ দিনত ভাৰতলৈ অহা ৫০০ লোক নোহোৱা হ'ল





অমিক্রনৰ আতংকত ত্ৰস্তমান বিশ্ববাসী। ভাৰতবাসীও ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ মাজতে দেশখনৰ বাবে আহিছে এটা ভয়ংকৰ খবৰ। অমিক্ৰনৰ উৎপত্তিৰ সময়ৰ পৰা অৰ্থাৎ বিগত ১৫ দিনত আফ্ৰিকাৰ দেশসমূহৰ পৰা ভাৰতলৈ ৫০০জন লোক সন্ধানহীন হৈ আছে। লক্ষণীয় কথাটো হ'ল, বৎছোৱানাৰ লগতে আফ্ৰিকাৰ প্ৰাণকেন্দ্ৰ দক্ষিণ আফ্ৰিকাত বিকশিত হৈছে কৰোনাৰ অমিক্ৰনৰ প্ৰজাতিটো।


ভাৰতলৈ আহি আত্মগোপন কৰা আফ্ৰিকীয় নাগৰিকসকল বিমানযোগে মুম্বাইলৈ আহিছিল। সময়ছোৱাত আফ্ৰিকাৰ দেশসমূহৰ পৰা প্ৰায় ১,০০০জন যাত্ৰী মুম্বাইলৈ আহিছিল। ইয়াৰে ৫০০ৰো অধিকৰ তথ্য নাই মুম্বাই বিমানবন্দৰ কৰ্তৃপক্ষৰ।


উল্লেখ্য যে যোৱা ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা দিল্লী হৈ মুম্বাইলৈ অহা এগৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে। এই ব্যক্তিগৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই যে তেওঁ অমিক্ৰনত আক্ৰান্ত হৈছে নে আন কোনো প্ৰকাৰত আক্ৰান্ত।




ইফালে, মুম্বাই পৌৰ নিগমৰ এজন বিষয়াই সদৰী কৰা মতে, বিগত ১৫ দিনত আফ্ৰিকাৰ দেশসমূহৰ পৰা ১০০০ যাত্ৰীৰ আগমন ঘটিছে। ইয়াৰে ৪৬৬জন লোকৰহে বিমানবন্দৰ কৰ্তৃপক্ষই তালিকাভুক্ত কৰিছে। হৈছে। ইয়াৰে আকৌ ১০০জন লোকৰহে নুমনা সংগ্ৰহ কৰা হৈছে।


ইফালে, মুম্বাইৰ অতিৰিক্ত পৌৰ আয়ুক্ত সুৰেশ কাকানীয়ে সংবাদ সংস্থাক কয়, বিমানবন্দৰ কৰ্তৃপক্ষই এতিয়ালৈকে সকলো লোকৰ তালিকা লাভ কৰা নাই যাৰ বাবে পৰীক্ষাত পলম হৈছে। বি এম চিয়ে ৪৬৬ জন যাত্ৰীৰ ভিতৰত ১০০ মুম্বাইৰ বুলি উল্লেখ কৰিছে। এই ১০০জন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু মঙলবাৰৰ ভিতৰত তেওঁলোকৰ নমুনাৰ প্ৰতিবেদন পোহৰলৈ আহিব।

2 views0 comments