ভাৰতৰ ১৭ ৰাজ্যলৈ সম্প্ৰসাৰিত অমাইক্ৰন, অসমত আজিৰে পৰা নৈশ সান্ধ্য আইন




ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা। কৰোনাৰ নতুন অৱতাৰবিধত পজিটিভৰ সংখ্যা চাৰিশৰ ঘৰ অতিক্ৰম কৰিছে। দেশৰ ১৭খন ৰাজ্যলৈ বিয়পি পৰিছে অমাইক্ৰনৰ সংক্ৰমণ। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ইতিমধ্যে ১৭০গৰাকীকৈ ৰোগী ইয়াৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে।



ইফালে দিশখনত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৬হাজাৰ ৯৮৭গৰাকী লোক। ৭ হাজাৰ ৯১গৰাকী ৰোগী এই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে। এই সময়ছোৱাত ১৬২গৰাকী ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, দেশত এতিয়ালৈকে ১৪১কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে ভেকচিন।


ইপিনে, আজিৰে পৰা অসমত বলৱৎ হ'ব নতুন এছ অ' পি। শনিবাৰে স্বাস্থ্যমন্ত্ৰীয়ে এই নতুন নীতি-নিয়ম সংবাদমেলযোগে ঘোষণা কৰে। ইফালে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুৱাই ANIৰ আগত সদৰি কৰি যে, কোৰোনাই সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰ সাজু আছে।

লকডাউন সম্বন্ধীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহন্তই লগতে কয়, অসমত লকডাউন দিয়াৰ সন্দৰ্ভত কোনো চিন্তা চৰ্চা কৰা হোৱা নাই। লকডাউন দিয়াৰ পৰিস্থিতি অসমত সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, শনিবাৰে ঘোষণা কৰা এছ অ পি অনুসৰি আজি নিশা ১১.৩০বজাৰ পৰা আৰম্ভ হব নৈশ সান্ধ্য আইন। পুৱা ৬.৩০বজালৈ এই সান্ধ্য আইন অব্যাহত থাকিব।

12 views0 comments