এটা দৈত্যৰ দৰে বিশ্বক গ্ৰাস কৰিবলৈ লৈছে অমাইক্ৰনে : ব্ৰিটেইনত ২৪ ঘণ্টাত লক্ষাধিক পজিটিভ




ভাৰতত সংক্ৰমণৰ হাৰ উদ্বেগজনক পৰ্যায়লৈ নগ'লেও অমাইক্ৰন কিমান দ্ৰুতগতিত সংক্ৰমিত হ'ব পাৰে ব্ৰিটেইন ইয়াৰ জ্বলন্ত উদাহৰণ। সৌসিদিনালৈকে এজনো আক্ৰান্ত লোক নথকা ৰাষ্ট্ৰখনত শেহতীয়াকৈ ২৪ ঘণ্টাত লক্ষাধিক লোক পজিটিভ হৈছে। এইটোৱে প্ৰতিপন্ন কৰে যে কৰোনাৰ আন সকলো প্ৰকাৰতকৈ অমাইক্ৰনৰ সংক্ৰমণ ক্ষমতা আৰু প্ৰৱণতা বহু পৰিমাণে অধিক। সম্প্ৰতি আঢ়ৈশৰ আশেপাশে থকা ভাৰতে বিষয়টো গভীৰতাৰে লোৱা উচিত। কৰোনাৰ দ্বিতীয় ঢৌত ধুমুহাৰ গতিত সংক্ৰমণ বৃদ্ধি পোৱা বাবে দেশখনত হাস্পতাল, অক্সিজেন, দৰবৰ ভয়াৱহ নাটনি হৈছিল। বহু লোকে ইয়াৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। এইবাৰো যাতে অনুৰূপ অচলাৱস্থাৰ সৃষ্টি নহয়, তাৰ বাবে আগতীয়াকৈ দেশখনে নিজকে সাজু কৰি ৰাখিব লাগিব।




ইফালে, বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত ১,০৬,১২২ গৰাকী লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে। অমাইক্ৰনৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে নৱবৰ্ষ আৰু খ্ৰীষ্টমাছ উদযাপনৰ সময়ত জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰিছে।

4 views0 comments